ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গ্ৰেপ্তাৰ তিনি সশস্ত্ৰ চোৰাং চিকাৰী

ss

দলগাঁও:  দৰং আৰক্ষী আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাকৰ্মীয়ে যোৱা নিশা চলোৱা এক যুটীয়া অভিযানত শিলবৰী অঞ্চলৰ দিশেৰে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ মূহূৰ্তত অস্ত্ৰ- শস্ত্ৰসহ তিনিজন দূৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰে ৷ চিকাৰী তিনিজনৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল, এটা চাইলেঞ্চাৰ, এখন বৃহৎ আকাৰৰ খুকুৰি, এঘাৰ জাঁই সক্ৰিয় গুলী, ৰচদ- পাতি আদি উদ্ধাৰ হৈছে ৷ ধৃত চিকাৰী কেইজন হৈছে হাইলাকান্দিৰ কাটলিচৰা থানাৰ পালৈচুৰা গাঁৱৰ সাগৰ সিং ( বৰ্তমান অৰুণাচল নিৱাসী ) , বালিজান পথাৰৰ সমীৰ আলী (২২)  আৰু ঢেকিয়াজুলিৰ শিঙিমাৰীৰ মৰুজ আলী (২৮) ৷ দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত চলিছিল এই সফল অভিযান ৷ আৰক্ষীৰ জেৰাত চিকাৰীকেইজনে কোৱা মতে অসম ৰাইফলচৰ পলৰীয়া জোৱান সাগৰক অৰুণাচলৰ পৰা গঁড় চিকাৰ কৰিবলৈ  “চাৰ্প চুটাৰ” ৰূপে অনা হৈছিল আৰু বাকী দুজনে অস্ত্ৰ যোগান ধৰাৰ লগতে স্থানীয় “গাইড” হিচাপে চিকাৰৰ পৰিকল্পনা ৰচিছিল ৷

Exit mobile version