চিৰাঙত দুৰবৃত্তই ভাঙিলে দেৱী কালিৰ প্ৰতিমাৰ মুখ মণ্ডল

2 2

কাজলগাঁও : যোৱা নিশা চিৰাঙৰ মংলাগাঁওত দুৰবৃত্তই ভাঙিলে দেৱী কালীৰ মুৰ্তিৰ মুখমণ্ডল । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত মংলাগাঁওৰ জয় কিশান ক্লাৱৰ তত্বাৱধানত থকা মংলাগাঁও সাৰ্বজনীন কালি মন্দিৰত সংঘটিত হৈছে এই ঘটনা । অঞ্চলটোত এই মন্দিৰত যোৱা নিশা কোনে কি উদ্দেশ্যৰে দেৱী কালি প্ৰতিমাৰ মুখমণ্ডলত আঘাত কৰি ভাঙিলে সেয়া ৰহস্যজনক । আজি ৰাতিপুৱা মন্দিৰত সেৱা জনাবলৈ অহা মহিলা এজনীয়ে প্ৰথমে প্ৰত্যক্ষ কৰি গাঁওবাসীক জনায় ঘটনাৰ সৱিশেষ । দেৱী কালিৰ প্ৰতিমাৰ সন্মুখত বাহৰ দুটা খুটি আছিল আৰু উক্ত খুটিৰ ওপৰত চাকি জ্বলাইছিল । উক্ত খুটিৰে আক্ৰমন কৰি ভাঙিছে প্ৰতিমা । এই বিষয়ে ঢালিগাঁও থানাত এজাহাৰ দিয়াৰ পিচতে আৰক্ষীৰ শীৰ্ষ বিষয়াই ঘটনা স্থলিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষীয়ে তদন্ত চলাই আছে । এতিয়ালৈ এই সন্দৰ্ভত কোনো লোকক সোধপোছ কৰা নাই আৰক্ষীয়ে ।

Exit mobile version