দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত মোস্তাফাৰ ফলাফলক সৈ উৎফুল্লিত দলগাঁওবাসী

3 3

প্ৰৱল ইচ্ছা শক্তি থাকিলে জটিল ৰোগ বাধা হব নোৱাৰে

দলগাঁও: “মই কেঞ্চাৰ বেমাৰী ৷ পৰীক্ষাৰ কিছুদিন আগলৈও কেম’ লৈ আছো ৷ বহুতেই মোক পঢ়া শুনাত অধিক লাগি নাথাকি জিৰণি লবলৈ পৰামৰ্শ দিছিল ৷ মোৰ চিকিৎসাৰ বাবে মা- দেউতাৰ টকা পইচাৰো অভাৱ ৷ মই কিন্তু হাৰ নামানিলো ৷ মই ইচ্ছা শক্তি বঢ়ালো ৷ মই জীয়াই থাকিব লাগিব, মই পঢ়িব লাগিব ৷ এই মনেৰে পঢ়া শুনা কৰিয়ে মই মোৰ ফলাফল আনিবলৈ সক্ষম হলো ৷ ” এইদৰে কলে কালি ঘোষিত হোৱা মেট্ৰিক পৰীক্ষাৰ ফলাফলত কেঞ্চাৰ ৰোগৰ দৰে দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থাকিও ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হোৱা মস্তোফা জামালে ৷ জামালৰ প্ৰৱল ইচ্ছাশক্তিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য অৰ্জনে উৎফুল্লিত কৰি তুলিছে দৰঙৰ দলগাঁও অঞ্চলৰ ৰাইজক ৷ দৰঙৰ দলগাঁৱৰ শিয়ালমাৰী গাঁৱৰ মোস্তাফা জামাল নামৰ এই ছাত্ৰজনে দূৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ যোৱা দুবছৰৰ পৰা গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিটালত চিকিৎসাধীন হৈ আছিল ৷ পৰীক্ষাৰ পূৰ্বে জটিল ৰোগৰ চিকিৎসাৰ বাবে মাজে মাজে কষ্টদায়ক কেমো দিবলগীয়া হৈছিল যদিও কেতিয়াও হতাশ হোৱা নাছিল মোস্তাফাই ৷ কেঞ্চাৰ হোৱা বাবে পঢ়াশুনাৰ পৰা আতৰত থকা নাছিল মোস্তাফাই ৷ মই পঢ়িব লাগিব মই জীয়াই থাকিব লাগিব মনোভাৱ লৈ ৰুগীয়া শৰীৰ লৈ দেউতাৰ চাইকেলত বহি দৈনিক গৈছিল কৌপাটী জাতীয় বিদ্যালয়লৈ ৷ পঢ়াশুনাৰ প্ৰতি একাগ্ৰতা দেখা পাই বিদ্যালয়ৰ শিক্ষক সকলেও মোস্তাফাক যথেষ্ট সহায় কৰিছিল ৷ মোস্তাফাৰ কৃষক পিতৃয়েও অতি কষ্টেৰে পঢুৱাইছিল পুত্ৰক ৷ মনৰ প্ৰৱল ইচ্ছাশক্তি থাকিলে কাকো ভাল ফলাফলৰ পৰা যে বঞ্চিত কৰি ৰাখিব নোৱাৰে মোস্তাফাই প্ৰমান কৰি দেখুৱালে ৷ পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ সহ ৮৩.৩৩ শতাংশ নম্বৰ পোৱা মোস্তাফাক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে কৌপাটী জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল৷ বি বৰুৱা কেঞ্চাৰ হস্পিটালৰ চিকিৎসক এগৰাকীয়ে মোস্তাফাক পঢ়াৰ ক্ষেত্ৰত যথেষ্ট উৎসাহ যোগাইছিল বুলিও মোস্তাফাই জনায়৷

Exit mobile version