ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ নতুন অতিথিৰ

b52740bf653546e291b2910111d3436c 01

ওদালগুৰি : হাতীয়ে সুখবৰ কঢ়িয়াই আনিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ, আগমণ ঘটিছে এগৰাকী নতুন অতিথিৰ। ৰাষ্ট্ৰীয় উদ্যানৰ অলকা নামৰ পোহনীয়া হাতীটোৱে বুধবাৰে নিশা জন্ম দিয়ে এটা পোৱালি। ইয়াকে লৈ উদ্যানখনৰ বনকৰ্মী আৰু নিয়োজিত বিষয়াসকলৰ মাজত এতিয়া আনন্দৰ বন্যা বৈছে। ৰাষ্ট্ৰীয় উদ্যানত ৩২ টাকৈ পোহনীয়া হাতী থকাৰ বিপৰীতে আছে ৭টা বন্যহস্তী। সদ্যোজাত হাতীৰ পোৱালিটোক নিৰীক্ষণ কৰিছে উদ্যানখনৰ বন বিভাগে। যিসময়ত ৰাজ্যৰ বিভিন্ন অঞ্চলত হাতী-মানুহৰ সংঘাতে সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে তেনে সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত নতুনকৈ জন্মলাভ কৰা হাতীৰ পোৱালীটোৱে উদ্যানলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

Exit mobile version