তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ বিজয়

pra

দুটা দশকৰ অন্তত নগাঁৱত খহিল বিজেপিৰ দুৰ্গ

নগাঁও :সুদীৰ্ঘ দুটা দশক ধৰি বিজেপিৰ দখলত থকা সন্মানীয় ১০ নং নগাঁও সংসদীয় সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দীতাৰ অন্তত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। এই বিজয়ৰ জৰিয়তে বিগত ১৯৯৯ চনৰে পৰা বিজেপিৰ দখলত থকা নগাঁও সংসদীয় সমষ্টিটো উদ্বাৰ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ। অৱশ্যে কংগ্ৰেছ আৰু বিজেপিৰ দলৰ মাজত তুমুল প্ৰতিদ্বন্দীতা হয়। আজি পুৱাৰে হোৱা ভোট গননাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ জয়ী হয় । বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মায়ো বৰদলৈৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিও সফল হ’ব নোৱাৰিলে।সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ধৰ্মীয় সংখ্যালঘু অধ্যূষিত বিধান সভা সমষ্টি কেইটাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে অভাৱনীয় হাৰত ভোট লাভ কৰিবলৈ সক্ষম হয়।সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী তথা দুটা দশকৰ সমষ্টিটোৰ সাংসদ ৰাজেন গোঁহায়ে সহযোগিতা আগ নবঢ়োৱা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিৰোধিতা কৰা আদি কাৰক সমূহেও ক্ষতি কৰে ৰূপক শৰ্মাৰ।
Exit mobile version