তেজপুৰতবিজয়ী বিজেপিৰ পল্লব লোচন

ww 2

তেজপুৰ : দেশৰ সপ্তদশ নিৰ্বাচনৰ তেজপুৰ সমষ্টিৰ তেজপুৰ দৰং কলেজস্থিতভোট গননা কেন্দ্ৰত লাভ কৰা তথ্য অনুসৰি ১১ লাখ ৭৮ হাজাৰ ৩২০ টা ভোটৰ ভিতৰত ৫৭.৪৮ শতাংশ অৰ্থাৎ ৬ লাখ ৭৭ হাজাৰ ২৯০টা ভোট লাভ কৰি বিজয়ী নিশ্চিত কৰিছে পল্লব লোচন দাসে। ৰঙাপৰা সমষ্টিৰ ৪টা ভিভিপেড বিকল হোৱাৰ বাবে আৰু ৪৯০৪টা ভোট গননা কৰিব বাকী আছে। উল্লেখ্য বিজেপি প্ৰাৰ্থী গৰাকীয়ে ২লাখ ৪০ হাজাৰ ৩৪৫টা তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এম জি ভি কে ভানুক পৰাজিত কৰাটো নিশ্চিত কৰে। তেজপুৰ লোক সভাৰ অন্তৰ্গত পাচটা বিধান সভা সমষ্টিৰ ঘোষিত অনুষ্ঠানিক ফলাফল অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে ৪ লাখ ৩৪ হাজাৰ ৯৪৫টা ভোট লাভ কৰে। আনহাতে এন চিপিৰ মহেন্দ্ৰ ভূঞাই ৬৩৩৯টা,ভিপিআইৰ মহেন্দ্ৰ ওৰাঙে ৭৯০৫ টা, এন পিপি ৫৭৪৩টা, নিৰ্দলীয় জীয়াবুৰ ৰহমান খানে ৫০৬৮ আৰু নিৰ্দলীয় বিজয় কুমাৰ তিৰুৱে ২৩৫৩৩টা ভোট লাভ কৰাৰ বিপৰীতে নটাত পৰে ১৫৪৯৭টা ভোট। বিজয় নিশ্চিত হোৱাৰ পাছতে পল্লব লোচন দাসে তেওঁৰ বিজয়ৰ বাবে সংবাদ মাধ্যমৰ আগত তেজপুৰ লোক সভা সমষ্টিৰ অন্তৰ্গত ৮টা বিধান সভা সমষ্টি বিহপুৰীয়া, গহপুৰ, বিহালী, বিশ্বনাথ, চতিয়া, ঢেকীয়াজুলি আৰু বৰছলা সমষ্টিৰ বিজেপি বিধায়ক সকলৰ শলাগ লৈ তেওঁলোকৰ আন্তৰিক সহযোগিতাৰ বাবে সম্ভৱ হোৱা বুলি কয়।

Exit mobile version