বাণিজ্য- বিজ্ঞান শাখাত সপ্তম আৰু দশম স্থান দখলেৰে নলবাৰী লৈ গৌৰৱ কঢ়িয়ালে ক্ৰমে প্ৰতিভা বৈশ্য আৰু মধুস্মিতা বৰ্মনে

IMG 20190525 WA0003

 

নলবাৰীৰ দুই শিক্ষানুষ্ঠান নলবাৰী বাণিজ্য মহাবিদ্যালয় আৰু ইডেন ভেলী একাডেমী পৰা ক্ৰমে প্ৰতিভা বৈশ্য ই বাণিজ্য শাখাত মুঠ ৪৫৮ নম্বৰ লাভ কৰি সপ্তমস্থান দখল কৰাৰ লগতে চামতাৰ ইডেন ভেলি একাডেমিৰ পৰা মাধুস্মিতা বৰ্মনে ৫৫৯ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত ১০তম স্থান লাভ কৰিবলৈ সক্ষম হয়। মুগকুচিৰ জাপি শিল্পী মাধুৰাম বৈশ্য আৰু মঞ্জু বৈশ্য ৰ কন্যা প্ৰতিভাই ইংৰাজী বিষয়ত ৯২, অসমীয়া ত ৯১, একাউণ্টেঞ্চি ত ৯১, বিজিনেছ ষ্টাদি ত ৯১, বাণিজ্য গণিত আৰু পৰিসংখ্যা ত ৯১আৰু অৰ্থনীতিত ৫৬নম্বৰ লাভ কৰে। প্ৰতিভাই ভৱিষ্যতে চাৰ্টাৰ একাউনটেণ্ট হোৱাৰ লক্ষ্যৰে একাউণ্টেঞ্চি বিষয়ত মেজৰ লোৱাৰ কথা প্ৰকাশ কৰিছে। ইপিনে চামতা ৰূপীয়া বাথন নিবাসী, ৰেলৱে কৰ্মচাৰী (যান্ত্ৰিক) কৰুণা বৰ্মন আৰু প্ৰাণীতা বৰ্মনৰ কন্যা মাধুস্মিতা বৰ্মনে ইংৰাজী ত ৯৬, অসমীয়া ত ৯৩, গণিতত ৯০, পদাৰ্থ বিজ্ঞান ত ৪৭, জীৱ বিজ্ঞান ত ৯৬আৰু ৰসায়ন ত ৯৭নম্বৰ লাভ কৰে। মাধুস্মিতাই ভৱিষ্যতে প্ৰবক্তা হোৱাৰ লক্ষ্য ৰে পদাৰ্থ বিজ্ঞানত মেজৰ লৈ কটন বিস্ববিদ্যালয়ত নামভৰ্ত্তি কৰিব।

Exit mobile version