চিৰাঙৰ বিজনীত অজগৰ সাপ উদ্ধাৰ

Bongaigaon Phythun Recover at No 2 Soto LaugaonBijniChirang

বঙাইগাঁও : চিৰাং জিলাৰ বিজনী মহকুমাৰ বিজনী থানাৰ অন্তৰ্গত দুই নম্বৰ চটো লাউগাঁৱত আজি উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ সাপ ৷ গাঁওখনৰ সঞ্জীৱ দাস নামৰ লোক জনৰ ঘৰৰ পাচফালৰ বাৰীৰ বাঁহত উদ্ধাৰ হয় অজগৰ ৷ লোকজনে দুপৰীয়া বাঁহ কাটিব যোৱাৰ পাছতে প্ৰত্যৰ কৰে প্ৰকাণ্ড অজগৰৰ ৷ পাছত স্থানীয লোকে বন বিভাগৰ লোক আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক খবৰ দিয়ে যদিও বন বিভাগৰ লোক পলমকৈ অহাত গাঁওখনৰ যুৱক সমীৰণ দাসে অজগৰ ডাল ধৰি বস্তাত ভৰায় ৷ পাছলৈ বন বিভাগে অজগৰ সাপডাল উদ্ধাৰ কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়াৰ ব্যৱস্থা কৰে ৷ উদ্ধাৰ হোৱা অজগৰডাল আঠ ফুট দীঘল ৷

Exit mobile version