টিহুৰ গোৱৰাদলত হাতে হাতে কোৰ-খন্টা লৈ ৰাইজে খান্দিলে পথৰ দাঁতিৰ নলা

IMG 25620529 153319

কৃত্ৰিম বানৰ কবলত একাংশ পৰিয়াল

বিগত প্ৰায় ডেৰমাহ ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত টিহু মহকুমাৰ বৰমা বিধান সভা সমষ্টিৰ ৪৬নং পূৱ নামবৰভাগ গাঁও পঞ্চায়তৰ অন্তৰ্গত গোৱৰাদল গাঁৱৰ পদ্মপাৰা চুবুৰিত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত চুবুৰিটোৰ বহুকেইটা পৰিয়ালৰ ঘৰ-চোতাল পানীয়ে বুৰাই পেলোৱাত বহু কষ্টেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। আজিৰ পৰা কেবাবছৰ পূৰ্বে চুবুৰিটোৰ পথৰ দাঁতিত থকা পানী ওলাই যোৱা নলাসমূহৰ ওপৰত একাংশ পৰিয়ালে মাটি পেলাই নলা সমূহ মাৰি পেলোৱাৰ ফলত চুবুৰিটোৰ জমা পানী ওলাই যাব নোৱাৰাৰ কাৰণে চুবুৰিটোত কৃত্ৰিম বানৰ সৃষ্টি হৈ আহিছে বুলি ভুক্তভোগী পৰিয়াল সমূহে অভিযোগ তুলিছে। সেয়ে কৃত্ৰিম বানৰ পানীসমূহ ওলাই যোৱাৰ বাবে নলা নিৰ্মাণ কৰি দিবলৈ ৰাইজে বহুবাৰ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় বিধায়কক অৱগত কৰিছিল যদিও ৰাইজৰ কথালৈ তেওঁলোকে কোনো কাণসাৰ নিদিয়াৰ বাবে ৰাইজে বছৰ-বছৰ ধৰি জীয়াতু ভুগিব লগা হৈছিল ৷ অৱশেষত কৃত্ৰিম বানৰ কবলত পৰা উপায়হীন গঞাই কালৈকো বাট নেচাই আজি পুৱাৰে পৰা স্থানীয় গাঁওবুঢ়া চন্দ্ৰ কান্ত বৰ্মনক লগত লৈ হাতে-হাতে কোৰ,বেলচা,খন্টা আদি লৈ নলা খান্দি চুবুৰিটোত জমা হোৱা পানী ওলাই যোৱাৰ ব্যৱস্থা কৰে ৷লগতে অতি শীঘ্ৰে উক্ত স্থানত পকী নলা নিৰ্মাণ কৰি জমা হোৱা পানী ওলাই যোৱাৰ সু-ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্ত্তৃপক্ষক ৰাইজে আহ্বান জনায় |

Exit mobile version