নগাঁৱত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস:দিনদুপৰতে চহৰৰ মাজমজিয়াৰ পৰাই কাঢ়ি নিলে ৬ লাখ টকা

download 2

নগাঁও:নগাঁও আৰক্ষীৰ নিৰাপত্তা ব্যৱস্হাক উপলুঙা কৰি চহৰ খনৰ মাজমজিয়াতে একাংশ চিলনী চোৰে চলাই গৈছে বাধাহীন তাণ্ডৱ।আজিও বিয়লি চহৰ খনৰ মাজমজিয়াৰ নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত আৰক্ষীৰ চকুৰ চকুৰ আগৰ পৰাই এখন মটৰ চাইকেলত অহা দুই দুৰ্বৃৰ্তই এজন লোকৰ হাতৰ পৰা থপিয়াই লৈ যায় ৬ লাখ টকা ভৰ্তি এটা বেগ।এই ঘটণাই চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ পুৰণিগুদাম ন-আলিমুৰৰ শ্বাহনাৱাজ জাফৰ নামৰ এজন ব্যক্তিয়ে আজি নগাঁও উপ পঞ্জিয়কৰ কাৰ্যালয়ৰ জৰিয়তে এজন লোকক নিজৰ মাটি বিক্ৰী কৰি লাভ কৰা ৬ লাখ টকা এটা বেগত ভৰাই লৈ নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত ৰখাই থোৱা গাড়ীত উঠিবলৈ বুলি পদব্ৰজে যাঁওতেই এখন মটৰ চাইকেলত উঠি অহা দুজন দুৰ্বৃৰ্তই তেওৰ হাতৰ পৰা টকা ভৰ্তি বেগটো কাঢ়ি লৈ যায় ।শ্বাহনাৱাজ জাফৰে কিংকৰ্তব্যবিমূৰ হৈ পৰি চিঞৰ বাখৰ কৰে যদিও দুৰ্বৃত্তৰ দলটোৱে লগে লগেই পলায়ন কৰে।লোকজনক চিলনী চোৰে পূৰ্বৰে পৰা অনুসৰন কৰি থকা বুলি সন্দেহ কৰা হৈছে।

Exit mobile version