হাজাৰ হাজাৰ বন্তিৰ পোহৰত উদ্ভাষি উঠিল বহৰি সত্ৰ

gggggggggggg

বহৰি: মহাপুৰুষ হৰিদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে বহৰি সত্ৰত আজি হেজাৰ হেজাৰ ভক্ত দৰ্শনাৰ্থীৰ সমাবেশ হয় ৷ কাইলৈ হৰিদেৱ গুৰুজনাৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ পালন কৰিব ৰাজ্যবাসীয়ে ৷ তিৰোভাৱ তিথিৰ আগৰ দিনটোক কোৱা হয় গোন্ধ সভা মহোৎসৱ ৷ আজি সত্ৰসমুহত পালন কৰা হৈছে গোন্ধ সভা মহোসৱ ৷ গোন্ধ সভা মহোৎসৱ উপলক্ষে আজি ওৰে নিশা সত্ৰসমুহত গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে ভক্তসকলে বন্তি প্ৰজ্বলন কৰিব ৷ অন্যান্য সত্ৰৰ লগতে আজি বহৰি সত্ৰতো গোন্ধ সভা মহোৎসৱ পালন কৰা হয় ৷ গোন্ধ সভা মহোৎসৱ উপলক্ষে আজি সত্ৰৰ গায়ন বায়নে গুৰুঘাট বজাই, ঊষা কীৰ্তন কৰাৰ লগতে গুৰু বন্দনা গায় ৷ ইয়াৰ পিচতে পূজাৰীয়ে পূজা অৰ্চনাৰে গোসাই ধুৱায় ৷ আনহাতে পুৱা সত্ৰৰ আইসকলে আৰু দূপৰীয়া, আবেলি আৰু নিশা সত্ৰৰ ভকতসকলে নৈমিত্তিক প্ৰসংগত ভাগ লয় ৷ পুৱাৰে পৰাই সত্ৰৰ গায়ন বায়নৰ খোল-তালৰ শব্দ, ভকত-বৈষ্ণৱ আৰু আইসকলৰ হৰি নাম কীৰ্তনৰ ধ্বনি আৰু গুৰুচৰিত পাঠৰ সুৰত সত্ৰ চৌহদত এক আধ্যাত্মিক পৰিবেশ বিৰাজ কৰে ৷ ইপিনে সত্ৰত সমবেত হাজাৰ হাজাৰ ভক্তই গুৰু জনাৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে সন্ধিয়া সত্ৰৰ কীৰ্তনঘৰত বন্তি প্ৰজ্বলন কৰে ৷ সূৰ্যাস্তৰ পূৰ্বেই হাতে হাতে খৰাহীত মাটিৰ চাকি, তেল, ঘী, শলিতা লৈ ভক্ত, দৰ্শনাৰ্থীৰ সোত বয় সত্ৰলৈ ৷ ভক্তসকলে সত্ৰৰ কীৰ্তনঘৰ আৰু মঠৰ চোতালৰ অস্থায়ী চালিৰ তলত বন্তি প্ৰজ্বলন কৰে ৷ সন্ধিয়াৰ পৰাই ৰাশি ৰাশি বন্তিৰ পোহৰত উদ্ভাষি উঠে বহৰি সত্ৰ চৌহদ ৷ গুৰুভক্তিৰ অপূৰ্ব নিদৰ্শন আৰু গুৰু সেৱাৰ পৰম্পৰাৰে ভক্তসকলে প্ৰজ্বলন কৰা সহস্ৰাধিক বন্তিৰ মায়াময় আৰু আধ্যাত্মিক পৰিবেশত ভক্তসকলে ওৰে নিশা উজাগৰে থাকি বন্তিসমুহ নিৰ্বাপিত হব নোৱাৰাকৈ সূৰ্যোদয়ৰ মুহুৰ্তলৈকে জ্বলাই ৰাখে ৷ উল্লেখ্য বহৰি সত্ৰৰ প্ৰতিটো পৰিয়ালৰ প্ৰতিজন লোকৰ নামতেই গুৰুসেৱাৰ উদ্দেশ্যৰে এনেদৰে বন্তি প্ৰজ্বলনৰ পৰম্পৰা চলি আহিছে ৷ বহৰিৰ হেজাৰোধিক পৰিয়ালৰ দহ সহস্ৰাধিক লোকৰ উপৰিও আজি নামনি অসমৰ বিভিন্ন স্থানৰ পৰা গোন্ধ সভা মহোৎসৱৰ গুৰুসেৱাৰ উদ্ধেশ্যে বন্তি প্ৰজ্বলন কৰিবলৈ অসংখ্য ভক্ত দৰ্শনাৰ্থী সত্ৰখনত সমবেত হয় ৷ আজি বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন মুকলি কৰি প্ৰদান কৰা ভাষন প্ৰসংগত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱ গুৰু চাৰিজনাই শিল্প, সাহিত্য, সংস্কৃতি আৰু আধ্যাত্মিকতাৰে জাতিটোক সমৃদ্ধ কৰি থৈ যোৱা বুলি ব্যক্ত কৰে ৷ বিভিন্ন প্ৰান্তৰ পৰা সত্ৰত বন্তি প্ৰজ্বলনৰ বাবে উপস্থিত হোৱা ভক্তসকলৰ মাজত পৰম্পৰা অনুসৰি সিধা বিতৰন কৰা হয় ৷ গোন্ধ সভা মহোৎসৱ উপলক্ষে আজি বহৰি সত্ৰত বিভিন্ন সত্ৰীয়া কলা সংস্কৃতিৰ অনুষ্ঠান, ৰাজহুৱা নাম আৰু নাগাৰা নাম অনুষ্ঠিত হয় ৷ বহৰি সত্ৰৰ উপৰিও আজি চেঙা, শুভা, হালধিবাৰী, বনিয়াকুছি, লচিমা, মৌটুপুৰী, টিহু, জাগাৰা, নপ্তিপাৰা, কৈহাটী, বঙাইগাও, নগৰবেৰা, চিপনচিলা, ৰামপুৰ, দৌলাশাল, গুৱাহাটী, নাৰায়নপুৰ, মাজুলী, অৰুনাচল, ক্ষেত্ৰী-বগীবাৰী, আদিতো গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা বুলি সংঘৰ নৱ নিৰ্বাচিত সভাপতি কান্তেশ্বৰ কলিতাই জানিবলৈ দিছে ৷ উল্লেখ্য যে, কাইলৈ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হব ৷

Exit mobile version