টোকৰাবান্ধা টুলুপাৰাত যোৱা নিশা উদ্ধাৰ বাঘৰ পোৱালি

বিলাসীপাৰাৰ টোকৰাবান্ধা টুলুপাৰাত যোৱা নিশা উদ্ধাৰ হয় এটা বাঘৰ পোৱালি।

স্থানীয় ৰাইজে উদ্ধাৰ কৰে বাঘৰ পোৱালিটো টোকৰাবান্ধা টুলুপাৰা গাঁৱৰ খেতি পথাৰত স্থানীয় ৰাইজে যোৱা নিশা প্ৰত্যক্ষ কৰে বাঘৰ পোৱালিটো | বিশেষ তৎপৰতাৰে একাংশ যুৱকে প্ৰচেষ্টা চলাই বাঘৰ পোৱালিটো উদ্ধাৰ কৰি পিঞ্জৰাবদ্ধ কৰে |ঘটনা সন্দৰ্ভত শালকোচা বন সুৰক্ষা বাহিনীক অৱগত কৰে স্থানীয় লোকে |

পৰবৰ্তী সময়ত বন সুৰক্ষা বাহিনীৰ বিষয়া কৰ্মীৰ দল গাঁও খনত উপস্থিত হৈ বাঘৰ পোৱালিটো উদ্ধাৰ কৰি কোকৰাঝাৰৰ বন সুৰক্ষা কেন্দ্ৰত লৈ যায় | বন বিষয়া কৰ্মীৰ মতে এই টো লতা মাকৰি বাঘৰ পোৱালি |

Exit mobile version