নলবাৰীত হেকাৰৰ সন্ত্ৰাস:পে টি এমেৰে লুটিলে ৮০ হাজাৰ

download

নলবাৰী: ৰাজ্যৰ বিত্তীয় প্ৰতিষ্ঠান সমূহত একাউন্টৰ পৰা বিভিন্ন কৌশলেৰে হেকাৰে ধন লুট কৰাৰ ঘটনা আজিও অব্যাহত আছে।বেংক কৰ্তৃপক্ষই গ্ৰাহকৰ এনে ঘটনা সংঘটিত হোৱাৰ পিছত বেংক সমূহত বিভিন্ন সজাগতামূলক ফলক আৰি দিয়াৰ পিছতো হেকাৰে কেনেকৈ একাউন্টৰ পৰা ধন লুট কৰিব পাৰে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।এনে ঘটনাই পুনৰ সংঘটিত হৈছে নলবাৰীত। নলবাৰী চহৰৰ ১১নং ৱাৰ্ডৰ বাসিন্দা নবীন দাস নামৰ যুৱকজন হেকাৰৰ স্বীকাৰ হবলগীয়া হৈছে।উল্লেখ্য যে বেংক অৱ বড়োদা,নলবাৰী শাখাত থকা একাউন্টৰ পৰা যোৱাকালি আৰু আজি মুঠ ৮০ হাজাৰ টকা পে টি এম আৰু মানি পে টি এমৰ যোগেদি এই ধনখিনি লুট কৰে।জনা মতে যুৱকজনক ৯১৯৩৩৭৭১০১৯৭ নম্বৰৰ পৰা ফোন কৰি অজ্ঞাত লোকে একাউণ্ট সম্পৰ্কীয় বিভিন্ন নথি বিছাৰিছিল।ইতিমধ্যে এই ঘটনাৰ বিষয়ে জানিব পাৰি ভুক্তভোগী যুৱকজনে আজি নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছে।উল্লেখযোগ্য এনেকুৱা ঘটনা পূৰ্বৰে পৰা সংঘটিত হৈ থকাৰ পিছতো সংশ্লিষ্ট বেংক কৰ্তৃপক্ষ আৰু চৰকাৰে কোনো জৰুৰী পদক্ষেপ গ্ৰহণ নকৰাত গ্ৰাহক সকল কষ্টোপাৰ্জিত ধনৰ ক্ষেত্ৰত চৰম অনিশ্চয়তাত ভূগিব লগা হৈছে।

Exit mobile version