কৈঠালকুচিত ড্ৰাগছৰ বেহা: ৰাইজৰ দ্বাৰা যুৱকসহ বিবাহিত মহিলাক আটক

hh 1

নলবাৰী: নলবাৰী জিলাৰ কৈঠালকুছিত আজি বিয়লি ড্ৰাগছ আসক্ত আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত এজন যুৱকসহ এগৰাকী বিবাহিত মহিলাক ৰাইজে কৰায়ত্ত কৰি বেলশৰ আৰক্ষীক চমজাই দিয়ে।আটকাধীন যুৱকজন হৈছে বেলশৰৰ দীপাংকৰ ঠাকুৰীয়া আৰু এগৰাকী বিবাহিত মহিলা।আটকাধীন যুৱকজনে প্ৰকাশ কৰা মতে দুয়ো ছেন্ট্ৰ বাহনেৰে (নম্বৰ প্লেট বিহীন)বেলশৰৰ পৰা বৰমাৰ কদমতলালৈ গৈ আছিল আৰু নিজে ড্ৰাগছ সেৱন কৰি আহিছিল। ড্ৰাগছ আসক্ত যুৱকজনৰ বাহনখনৰ পৰা এটা জ্যামিতি বক্সত ড্ৰাগছ ব্যৱহাৰ কৰা সা-সামগ্ৰী উদ্ধাৰ কৰা হয়।স্থানীয় ৰাইজে জনোৱা মতে এই যুৱকজনে ওচৰৰে শালেপাৰা চুবুৰিত সোমাই ড্ৰাগছ ব্যৱসায়ীৰে কথা পাতি কৈঠালকুচি অভিমুখে আহি থকা অৱস্থাত একাংশ ৰাইজে বাহন খনৰ পিছে পিছে খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Exit mobile version