পলাশবাৰী বঙৰাত একে নিশাই সত্ৰ-মন্দিৰ-মছজিদত চুৰি

3 2
দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত বৃহত্তৰ বঙৰাত যোৱানিশা সত্ৰ, মন্দিৰ আৰু মছজিদত ধাৰাবাহিকভাৱে দুৰ্বৃত্তই লুত-পাত চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে। বঙৰা মাজপাৰাত ১৮৫০ চনতে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী চতুৰ্ভূজ সত্ৰৰ নিশা দুৱাৰৰ তলা ভাঙি দুৰ্বৃত্ত ভিতৰত প্ৰৱেশ কৰি লুত-পাত চলাই সাঁচি পাতৰ পুঠি, সোণৰ আ-অলংকাৰ, ভোৰতাল, শৰাই আদিৰ লগতে দান পাত্ৰৰ পৰা নগদ ধন লুত কৰি নিয়ে। উক্ত সত্ৰখনৰ কাষতে থকা শিৱ মন্দিৰটো দুৰ্বৃত্তই প্ৰৱেশ কৰি ভৰাল ঘৰৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। দান পাত্ৰ আৰু বাকচৰ তলা ভাঙি প্ৰায় ৫০ হাজাৰ টকা লুত কৰি নিয়াৰ লগতে বয় বস্তুৰো লণ্ড-ভণ্ড কৰে। আনহাতে উক্ত মাজপাৰা গাঁৱৰে আন এঘৰত প্ৰৱেশ কৰি চোতালৰ সন্মুখত থকা মন্দিৰত তাণ্ডৱ চলায়। উত্ত বঙৰা অঞ্চলৰেই পাচনীয়া পাৰাত থকা ১ নং জামে মছজিদতো দুৰ্বৃত্তই তাণ্ডৱ চলায়। মছজিদৰ দুৱাৰৰ তলা ভাঙি ভিতৰত থকা আলমিৰা আৰু দানপাত্ৰৰ তলা ভঙাৰ লগতে বয় বস্তু লণ্ড ভণ্ড কৰে। দান পাত্ৰটোত থকা প্ৰায় ৫০ হাজাৰ টকা লুত কৰি দুৰ্বৃত্তৰ দলটো উধাও হয়। একে নিশাই বৃহত্তৰ বঙৰা অঞ্চলটোত এফালৰ পৰা ধৰ্মানুষ্ঠান সমূহত দুৰ্বৃত্তই লুত পাত চলোৱাৰ পিছতো পলাশবাৰী আৰক্ষীয়ে গমেই নাপালে‌। আজি পুৱাৰ ভাগতহে সত্ৰ আৰু মন্দিৰলৈ অহা লোকে দুৱাৰৰ তলা ভঙা অৱস্থা দেখা পোৱাৰ পিছতেই লুত পাতৰ ঘটনা পোহৰলৈ আহে‌। লগতে পুৱতি নিশা পাচনীয়া পাৰাৰ জামে মছজিদলৈ নামাজ পঢ়াৰ বাবে অহা লোকে দুৱাৰৰ তলা ভঙা দৃশ্য প্ৰত্যক্ষ কৰে। ৩৭ নং ৰষ্ট্ৰীয় ঘাই পথৰ কাষতে মছজিদ আৰু শিৱ মন্দিৰটো অৱস্থিত। তেনেক্ষেত্ৰত দুৰ্বৃত্তই অতি সহজতে কেনেকৈ লুত পাত চলাব পাৰিলে বুলিও স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে। এতিয়া প্ৰশ্ন হয় এইখন অসম মুলুকত ধৰ্মানুষ্ঠান সমূহ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি বৰ্তমানৰ চৰকাৰখন আৰু প্ৰশাসন।
5 1
নিৰেন চন্দ্ৰ মালী পলাশবাৰী
Exit mobile version