মৃত্যুৰ পূৰ্বে বিদেশী ঘোষিত সুৰুজ আলী মৃত্যুৰ পাছত স্বদেশী হল

2 3

বিদেশীৰ মোহৰ মূৰত লৈ পত্নী সহ এটা বছৰে ডিটেনচন কেম্পত বন্দী হৈ থকা সুৰুজ আলীৰ জি এম চি এইছত মৃত্যু

পুনৰ এক হৃদয় বিদাৰক ঘটনাই কঁপাই তুলিছে নগাঁও জিলা। প্ৰকৃত ভাৰতীয় নাগৰিক হোৱা স্বত্বেও বিদেশীৰ মোহৰ মূৰত লৈ  বিদায় মাগিলে নগাঁও জিলাৰ ধিঙৰ এগৰাকী ৭৭ বছৰীয়া দুৰ্ভগীয়া বৃদ্ধই । সম্প্ৰতি এই ঘটনাক কেন্দ্র কৰি সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাওঁ জিলাৰ অন্তর্গত ধিঙৰ বটাবাড়ীৰ এহাল দুৰ্ভগীয়া তথা দৰিদ্র পতি-পত্নীৰ ক্ষেত্রত সংঘটিত হোৱা এক হৃদয় বিদাৰক কাহিনী এয়া। ঘটনাৰ বিবৰণী অনুসৰি, ধিঙৰ বটাবাড়ীৰ পৰা বিগত বৰ্ষৰ ন এপ্ৰিল তাৰিখে বিদেশীৰ গোচৰত এহাল পতি-পত্নী ক্ৰমে সুৰুজ আলী (৭৭) আৰু গোলাপ জান (৬৪)ক সীমান্ত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি তেজপুৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল। ভিক্ষা কৰি দিন অতিবাহিত কৰা এই হাল পতি-পত্নী স্বদেশী হোৱাৰ উপযুক্ত নথি থকাৰ পাছতো ডিটেনচন কেম্পত বন্দী হব লগা হৈছিল বুলি অভিযোগ উঠিছিল। কিয়নো, পতি-পত্নী সুৰুজ আলী আৰু গোলাপ জানৰ পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি দুয়োটা পৰিয়ালৰ সকলো সদস্যৰ উপযুক্ত নথি পত্ৰ মজুত থকাৰ লগতে প্ৰকৃত ভাৰতীয় হোৱা স্বত্বেও এই দুই দুৰ্ভগীয়া পতি-পত্নী কি বাবে বিদেশী হল তাক লৈয়ো উখাপন হৈছিল নানান ধৰণৰ প্ৰশ্ন। বাস্তৱত বৈধ নথি-পত্ৰ থকাৰ পাছতো তিনি কন্যা সন্তান আৰু দুই লৰা সন্তানৰ পিতৃ-মাতৃ এই হাল দুৰ্ভগীয়া দম্পত্তি বন্দী হৈ থাকিল তেজপুৰ ডিটেনচন কেম্পত।  ২৮ বছৰ পূর্বে অথাৎ ১৯৮৯ তে সুৰুজ আলী আৰু গোলাপ জানৰ বিৰুদ্ধে ১৬৩/১৮ আৰু ১৫৯/১৮ ধাৰাত গোচৰ ৰুজু হয় যদিও এই সংক্ৰান্তত কোনো জাননী লাভ কৰা নাছিল। পৰৱর্তী সময়ত বিদেশী ন্যায়াধিকৰণৰ আদালতে তেওলোকক বিদেশী বুলি ঘোষণা কৰাৰ পাছত এই সন্দৰ্ভত জানিব পাৰিছিল যদিও  ভিক্ষা কৰি জীৱন অতিবাহিত কৰা সুৰুজ আলীয়ে আইন প্ৰক্ৰিয়াৰে যুজিঁ বিদেশীৰ মোহৰ আঁতৰাবলৈ সক্ষম নহল। ফলস্বৰূপে ২০১৭ বৰ্ষৰ ৯ এপ্রিলত দুই পতি-পত্নীক সীমান্ত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি তেজপুৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল। পৰৱর্তী সময়ত দৰিদ্র দুই পুত্ৰ সন্তান আৰু তিনি কন্যা সন্তানে আইনৰ জৰিয়তে পিতৃ-মাতৃক ভাৰতীয় হিচাপে প্ৰমাণ কৰি ডিটেনচন কেম্পৰ পৰা মুকলি কৰি আনিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল যদিও কেইদিনমানৰ পূৰ্বে হঠাৎ অসুস্থ হোৱা সুৰুজ আলীক সীমান্ত আৰক্ষীয়ে চিকিৎসাৰ বাবে ভৰ্তি কৰাই জি এম চি এইছত। যোৱা ৬জুুুনৰ দিনা  জি এম চি এইছত মৃত্যু ঘটে দুৰ্ভগীয়া সুৰুজ আলীৰ। বৃহস্পতিবাৰে পুৱাই মৃত্যু হোৱা সুৰুজ আলীৰ মৃত্যুদেহটো মৰণোত্তৰ পৰীক্ষা কৰি আজি পৰিয়ালৰ লোকক চমজাই দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনহাতে শনিবাৰে সন্ধিয়া ধিঙৰ বটাবাড়ীস্হিত নিজা ঘৰলৈ সুৰুজ আলীৰ মৃত্যুদেহট আহি পোৱাৰ লগে লগে ভিৰ কৰিছে শ শ লোকে। মৃত্যুৰ দুদিনৰ পাছত মৃত্যুদেহ পৰিয়ালক চমজি দিয়াক ঘটনাক বিভিন্ন দল-সংগঠনে এয়া ৰহস্যজনক তথা ষড়যন্ৰ বুলি আখ্যা দি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পত্নীক ডিটেনচন কেম্পত অকলশৰীয়াকৈ এৰি ঘৰলৈ সুৰুজ আলীৰ মৃত্যুদেহ আহি পোৱাৰ লগে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ। এতিয়া প্ৰশ্ন হয়, বিদেশী ন্যায়াধিকৰণে মৃত্যুৰ আগত বিদেশী বুলি ঘোষণা কৰা সুৰুজ আলী মৃত্যুৰ পাছতেই কেনেকৈ স্বদেশী হল ? সুৰুজ আলী যদি সচাঁই বিদেশী আছিল তেন্তে সুৰুজ আলীৰ মৃত্যুদেহ বাংলাদেশলৈ প্ৰেৰণ নকৰি কিয় চমজি দিলে পৰিয়ালৰ লোকক ? কোনে দিব এই প্ৰশ্নৰ উত্তৰ ? নে এনেদৰেই চলিব বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাটো।

Exit mobile version