বিলাসীপাৰা মহকুমাৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ বানৰ সংহাৰী ৰূপ | গৌৰাং নৈৰ বাঢ়নী পানীৰ প্ৰৱল সোঁতত ডুব গৈছে এখনৰ পিছত আন এখন কৈ গাঁও | আৰক্ষী প্ৰশাসনে জানিব দিয়া মতে ভূটানে এৰি দিয়া পানীৰ প্ৰকোপত ওফন্দি উঠিছে গৌৰাং নৈৰ জলপৃষ্ট | দ্ৰুত গতিত বৃদ্ধি পোৱা নৈ খনৰ বাঢ়নী পানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহকুমাটোৰ এলেংমাৰী, নয়াপাৰা, শিমলাবাৰী, চিনামাৰী, খুদিগাঁও, তাৰ্ং. কৈমাৰী,বৰাইবাৰী,ভাষানীগাঁও, বাকুৱাভাঙি, হাজাৰীপাৰা, বেলতলী, উদমাৰী, চোকাপাৰা বাৰ্ষি,নামাবাৰ্ষি,ডিয়াবাৰী,আন্দুৰঝাৰ, লক্ষীগঞ্জকে ধৰি প্ৰায় কুৰি খনৰো অধিক গাঁও নৈখনৰ বাঢ়নী পানীৰ সোঁতত ডুব গৈছে | দ্ৰুত গতিত বৃদ্ধি পোৱা নৈ খনৰ পানীত প্লাবিত হৈছে ন ন অঞ্চলৰ লগতে কেবাটাও গড়কাপ্তানি পথ | ইফালে বিয়লি পাঁচটা বজাত নৈ খনৰ বাঢ়নী পানীৰ সোঁত অস্বাভাৱিক গতিত বৃদ্ধি পোৱাত শিমলাবাৰী, এলেংমাৰী, নয়াপাৰা, উদমাৰী, নামা বাৰ্ষি আদি গাঁৱৰ হাজাৰ হাজাৰ লোক জলবন্দি হৈ পৰে |
বিলাসীপাৰাত বানপানীৰ সংহাৰী ৰূপ:সহস্ৰাধিক লোক জলবন্দি
-
By publisher

- Categories: News
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025