অপৰাধ-অপৰাধীৰ ৰম্যভুমিলৈ পৰ্যবসিত নগাঁৱৰ উৰনীয়া সেতুৰ তলৰ অংশ

hqdefault

নগাঁও: সম্প্ৰতি নগাঁও চহৰৰ ধিং গেটৰ উৰনীয়া সেতুৰ তলৰ অংশৰ ৰেল গেইট অঞ্চলটো অপৰাধ আৰু অপৰাধীৰ ৰম্যভুমিলৈ পৰ্যবসিত হৈছে। দিনৰ আন্ধাৰ আতৰাৰ লগে লগে উৰনীয়া সেতুৰ ৰেল গেইটৰ অংশত এটা অপৰাধী চক্ৰ‌ই নিৰ্বিঘ্নে চলাই গৈছে জুৱাৰ আড্ডাকে ধৰি বিভিন্ন অপৰাধ জনিত ঘটনা। সন্ধ্যাৰ পৰা নিশা ৯/১০ বজালৈকে চলে জুৱাৰ আড্ডা। এনে জুৱাৰ আড্ডা বহুৱাই এটা অসাধু চক্ৰ‌ই ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। অকল ইমানেই নহয়, উক্ত এলেকাত নাৰী দেহ ব্যৱসায় চলাৰ লগতে বিভিন্ন অপৰাধ জনিত ঘটনাও নিতৌ সংঘটিত হৈ আহিছে। বিভিন্ন ৰাগীয়াল দ্ৰৱ্য সেৱন কৰা একাংশ লোকে নিশা হলেই নিচাৰ ৰাগীত মাতাল হৈ এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। যাৰ বাবে অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী। আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় কথা এই যে নিশা ১০ বজাৰ পিছত উক্ত এলেকাত আহযাহ কৰা প্ৰায়ে সৰ্বসাধাৰণ লোক সন্মুখীন হয় ডকাইতৰ। ইতিমধ্যে বহু লোকে ডকাইতৰ কবলত পৰি সৰ্বস্বান্ত হ’বলগা হৈছে। ইপিনে, এই অঞ্চলত সহজে সুলভ হয় মদ, ড্ৰাগছ আদি নিচাজাতীয় সামগ্ৰী। ফলত ড্ৰাগছৰ ঘাটিলৈয়ো ৰূপান্তৰিত হৈছে উক্ত অঞ্চল। সহজে মদ-ড্ৰাগছ উপলব্ধ হোৱাত একাংশ ফুলকুমলীয়া যুৱক ইয়াৰ প্ৰতি আসক্তি বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত স্থানীয় আৰক্ষী প্ৰশাসনে কোনো পহৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। উক্ত অঞ্চলত নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।
#বিশেষ সংবাদদাতা

Exit mobile version