যৌতুকৰ বাবে পত্নীক হত্যা কৰিলে শিক্ষক স্বামীয়ে: অভিযোগ পৰিয়ালৰ

bongaigaon suicide

বঙাইগাঁও চহৰৰ নতুন পাৰাত এটা পৰিয়ালত ভাৰালৈ থকা বিবাহিত মহিলা এগৰাকীৰ মৃতদেহ বাথৰূমত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত মহিলাৰ পৰিয়ালে এইয়া পৰিকল্পিত হত্যা বুলি দাবী কৰিছে ৷আজি পুৱা  নতুন পাৰাৰ এটা পৰিয়ালৰ গা ধোৱা কোঠাত ছীপ লোৱা অৱস্থাত উদ্ধাৰ হয় মীৰা দাস আদিত্য নামৰ মহিলা গৰাকীৰ মৃতদেহ ৷ স্বামী পৰিয়ালে আৰক্ষী উপস্থিত নৌহওতেই মৃতদেহ চিকিৎসালয়ত লৈ যায় ৷ মৃত মহিলাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিক  আৰক্ষীয়ে  নিউ বঙাইগাঁও হিন্দী বিদ্যাপীঠ এল পি স্কুলৰ শিক্ষক, কোকৰাঝাৰৰ যুৱক, মৃত মহিলাৰ স্বামী ৰাজ আদিত্যক গ্ৰেপ্তাৰ কৰিছে ৷ লগতে ৰাজ আদিত্যৰ মাতৃ ৰীণা আদিত্যকো গ্ৰেপ্তাৰ কৰিছে ৷ চাকৰি সূত্ৰে বঙাইগাঁও চহৰত পৰিয়ালসহ  থকা যুৱক জন ফটোগ্ৰাফাৰ হিচাপেও কৰ্মৰত আৰু মৃত পত্নী মীৰা দাস বিউিছিয়ান,  ৷

 

Exit mobile version