উচ্চ ৰক্তচাপ ৰ আটাইতকৈ ভয়াবহ শংকাটো হ’ল স্ট্রোক| কিছুমান বিশেষ পদ্ধতি অবলম্বন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যায় |এই ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চিকিৎসকে কিছুমান বিশেষ পৰামৰ্শ আগবঢ়াইছে |সেইসমূহ উপায় হ’ল ::
●প্ৰচুৰ পৰিমাণে ফলমূল আৰু শাক- পাচলি খোৱা |
●সপ্তাহত কমেও এদিন নিৰামিষভোজী হ’বলৈ চেষ্টা কৰা|
●কেঁচা নিমখ কমাই খোৱা আৰু খাদ্যৰ স’তে অতিৰিক্ত নিমখ খোৱা বন্ধ কৰা
●নিয়মিত ব্যায়াম কৰা |
●দৈনিক কমেও ৩০ মিনিট সময় খোজকঢ়া
●ধূম্ৰপান আৰু মদ্যপান পৰিহাৰ কৰা
●লিফ্টৰ সলনি খটখতিৰে উঠা নমা কৰাৰ অভ্যাস কৰা
এই ধৰণে কিছুমান অভ্যাস গঢ়ি তুলিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি |
