স্প্ৰেমেন , সোপাধৰাৰ আতংক – অসামাজিক কাৰ্যকলাপৰ প্ৰতিবাদত বিএছইউৰ বিশাল প্ৰতিবাদী সমদল

IMG 20190930 WA0103

শেহতীয়া কাণ্ডত অকল বড়ো যুৱতী -মহিলা নিৰ্যাতনৰ বলি হৈছে : হাগ্ৰামা

ঘটনাৰ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত কমিটী গঠনৰ দাবী হাগ্ৰামাৰ

 

কোকৰাঝাৰ :- স্প্ৰেমেন , সোপাধৰা আতংকই কোকৰাঝাৰৰ জনসাধাৰণক আতংকিত কৰি ৰখাৰ সময়তে আজি বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউয়ে কোকৰাঝাৰ চহৰত ব্যাপক প্ৰতিবাদী সমদল বাহিৰ কৰে । অমানবীয় কাৰ্যকলাপ , যৌন নিৰ্যাতন , স্প্ৰেমেনৰ কাৰ্যকলাপ সমুলঞ্চে প্ৰতিৰোধ কৰাৰ দাবীত আজি বিএছইউৰ উদ্যোগত কোকৰাঝাৰ চহৰৰ টেঙাপাৰা স্থিত সন্থাৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদী সমদলত এবিএমছু ,আমছু , আবৌফ, হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ , বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন আদিকে ধৰি কেবাটাও সংগঠনৰ নেৰ্তৃবৰ্গৰ লগতে সহস্ৰাধিক স্কুল , কলেজৰ ছাত্ৰ-ছাত্ৰী , অভিভাৱকে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী সমদলটোৱে বিএচইউৰ কাৰ্যালয়ৰ পৰা জেডি ৰোড , ফ্লাইঅভাৰ হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় আৰু জিলা উপায়ুক্তক এক স্মাৰকপত্ৰ প্ৰদান কৰে । ইয়াৰ আগতে সংবাদমাধ্যমৰ আগত বিএছইউৰ সভাপতি সুবুংছাৰ বসুমতাৰীয়ে অমানবীয় কাৰ্যকলাপ , যৌন নিৰ্যাতন , স্প্ৰেমেনৰ কাৰ্যকলাপ বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি অতি শীঘ্ৰেই জিলাখনত স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবলৈ বিএছইউয়ে জিলা প্ৰশাসনক দাবী জনায় । আজি সমদল কাৰ্যসূচীত বিশিষ্ট সমাজসেৱক ড° ৰেজাউল কৰিম , এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামকে ধৰি বিএছইউৰ জিলা – কেন্দ্ৰীয় নেতা আৰু বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ৷ ইপিনে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত অব্যাহত থকা স্প্ৰেমেন , সোপাধৰাৰ আতংক, নাৰী নিৰ্যাতন আৰু অসামাজিক কাৰ্যকলাপ আদি ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । আজি সংবাদমাধ্যমৰ আগত শেহতীয়াকৈ অব্যাহত উক্ত কাণ্ডত অকল বড়ো যুৱতী – মহিলা হে আক্ৰান্ত হোৱা কাৰ্য ৰহস্যজনক আৰু এয়া ভালৰ লক্ষণ নহয় বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে উক্ত ঘটনাসমুহ তদন্ত কৰিবলৈ উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰাৰ বাবে দাবী উত্থাপন কৰিছে ৷ তদন্ত কৰিলেই সকলো কথা জলজল-পটপট কৈ ওলাই পৰিব বুলি মন্তব্য কৰিছে । বিষয়টো সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সতে আলোচনা কৰা হৈছে বুলিও সদৰী কৰিছে মহিলাৰীয়ে ।

Exit mobile version