জামুগুৰিহাটত দহ গৰাকী মহিলাই নিৰ্মান কৰি উলিয়াইছে বিভিন্ন প্ৰতিমা

naduar lady3

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত দূৰ্গা পূজাৰ প্ৰতিমা নিৰ্মানৰে চমক সৃষ্টি কৰিছে অসমীয়া মহিলাই ৷ দহ গৰাকীকৈ অসমীয়া মহিলাই নিৰ্মান কৰা প্ৰতিমাৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধশতাধিক দূৰ্গা পূজা আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিমা নিৰ্মানত ব্যস্ত মহিলা সকলে ৷ ঘৰৰ সাংসাৰিক ব্যস্ততাৰ মাজতে চেচা সত্ৰ গাওঁৰ দহ গৰাকী মহিলাই প্ৰতিমা নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে চমক সৃষ্টি কৰা বুলি মন্তৱ্য কৰিছে বিভিন্ন জনে ৷ গঞাঁ মহিলা সকলৰ বাৱে অনুপ্ৰেৰণাৰ উৎস হৈ পৰা এই মহিলা মৃৎ শিল্পৰ উদ্যোটিৰ জৰিয়তে বহুকেইটা পৰিয়াল আৰ্থিক ভাৱে স্বাৱলম্বী হৈ উঠা বুলিও মন্তৱ্য কৰে উদ্যোগটিক নেতৃত্ব দিয়া ববী দাস নামৰ মহিলা গৰাকীয়ে ৷ ববী দাসে কয় বিগত প্ৰায় তিনিমাহ ধৰি আমি প্ৰতিমা নিৰ্মাণত ব্যস্তহৈ আহিছো ৷ কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে আমি দূৰ্গা প্ৰতিমাৰ লগতে অন্যান্ন ভগৱানৰ প্ৰতিমা নিৰ্মান কৰি আহিছো ৷naduar lady1

চৰকাৰী সাহাৰ্য্য অবিহনেই চেচাসত্ৰত মৃৎ শিল্পৰ এটি উদ্যোগ স্থাপন কৰি বিগত পাচঁবছৰ ধৰি এনেধৰণে ব্যৱসায়ীক ভিত্তিত আমি প্ৰতিমা নিৰ্মান কৰি অহা বুলি মন্তৱ্য কৰে ববী দাসে ৷ এইবৰ্ষ নিৰ্মান কৰা ৫২ জনা প্ৰতিমা জিলাখনৰ অন্তৰ্গত কুসুমটোলা ,জামুগুৰিহাট,ৰঙাচুক,মৰিসুতি,বালিজুৰি,ধলাইবিল, চাৰিদুৱাৰ,বালিপৰা,খনামুখাকে ধৰি বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপত স্থাপন কৰিব বুলি জানিবলৈ দিয়ে ৷ একোজনা প্ৰতিমাত ১৫-২০ হেজাৰ টকাত বিক্ৰী কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ কথাও ব্যক্ত কৰে ৷ এই প্ৰতিমা বিক্ৰী কৰিয়েই বছৰটোৰ বাৱে ধন আৰ্জন কৰাবুলি জানিবলৈ দিয়ে প্ৰতিমা নিৰ্মানত ব্যস্ত মহিলা সকলক নেতৃত্ব দিয়া ববী দাসে ৷ মূৰ্তি নিৰ্মানৰ বাৱে প্ৰয়োজন হোৱা কেচা সামগ্ৰী সমুহ বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ লগতে ৰঙাপাৰাৰ পৰা কঢ়িয়াই আনিবলগীয়া হোৱাত যঠেষ্ট ধন ব্যয় হোৱা বুলি জানিবলৈ দিয়ে মূৰ্তি নিৰ্মানত ব্যস্ত মহিলা সকলে ৷ চৰকাৰৰ পৰা কোনো ধৰণৰ ঋণ লাভ নকৰাকৈ মূৰ্তি সমুহ নিৰ্মান কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীনহোৱা বুলি মন্তৱ্য কৰে মহিলা কেইগৰাকীয়ে ৷ ঋণ বিচাৰি বেংকলৈ তাতঁবাটি কৰি ভাগৰি পৰা বুলি মন্তব্য কৰাৰ লগতে চৰকাৰী সাহাৰ্য্য লাভ কৰিলে আৰ্থিক দিশত যথেষ্ট লাভৱান হব বুলিও মন্তব্য কৰে ববী দাস প্ৰমুখ্যে কৰি মহিলা কেইগৰাকীয়ে ৷

Exit mobile version