গোৱালপাৰা জিলাৰ ১৩৩ টা পূজা মণ্ডপত চলিছে দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি

3

মাটিয়া :-শাৰদীয় উৎসৱ দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ সময়তে গোৱালপাৰা জিলাৰ ১৩৩ টা পূজা মণ্ডপত চলিছে ব্যাপক প্ৰস্তুতি । জানিব পৰা মতে জিলাখনৰ ধূপধাৰা ,ৰংজুলি, দুধনৈ, কৃষ্ণাই, আগিয়া, লক্ষীপুৰ, বগুৱান, চুনাৰী, মৰনৈ ,মাটিয়া আৰু গোৱালপাৰা সদৰ আৰক্ষী থানা এলেকাৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩৩ টা পূজা মণ্ডপ আটকধূনীয়াকৈ সজাই তোলা হৈছে৷ইয়াৰে গোৱালপাৰা চহৰৰ ৩৩ টা পূজা মণ্ডপত দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মানত যেন এক অঘোষিত প্রতিযোগিতাহে চলিছে । চহৰখনৰ গোৱালটুলীৰ পূজা কমিটিয়ে এইবাৰ নিৰ্মান কৰিছে এক ব্যতিক্রমীধৰ্মী দূৰ্গা দেৱীৰ প্ৰতিমা।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্লাষ্টিক বৰ্জনৰ প্ৰতি সহাৰি জনাই ষ্টীলৰ থাল ,বাটী আৰু চামুচেৰে নিৰ্মান কৰিছে দেৱী প্ৰতিমা । বাসুগাঁও পৰা অনা কাৰিকৰে ১লাখ ২০ হেজাৰ টকা খৰচ কৰি নিৰ্মাণ কৰি উলিয়াইছে দেৱী প্ৰতিমা । একেদৰে টিলাপাৰা সাৰ্বজনীন দুৰ্গাপূজা কমিটিয়ে প্লাষ্টিক বৰ্জন আৰু পৰিবেশ পদূষণ প্ৰতিৰোধৰ বাবে আ-অলংকাৰ আৰু পোছাক অবিহনেই নিৰ্মান কৰি উলিয়াইছে দেৱীৰ প্ৰতিমা ।

ইব্ৰাহিম আলী, মাটিয়া৷

Exit mobile version