ডুমডুমাত মহিলাৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ : স্বামী আৰু পৰিয়ালৰ লোকে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ ৰাইজৰ

images 1

 

ডুমডুমা : ডুমডুমাৰ সমীপৰ লংছোৱালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰহাপজান নৈত আজি পুৱা এগৰাকী মহিলাৰ অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এটা বস্তাৰ ভিতৰত সোমোৱাই থোৱা অৱস্থাত উদ্ধাৰ হোৱা অৰ্দ্ধগলিত মৃতদেহটো লংছোৱালৰ মীৰা মণ্ডল (৪০) নামৰ মহিলা এগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে । মৃতদেহটোৰ সৰ্বশৰীৰত আঘাতৰ চিন থকালৈ চাই কোনোবাই মহিলা গৰাকীক নিৰ্মমভাৱে হত্যা কৰি বস্তাত ভৰাই নৈত পেলাই দিয়া বুলি সন্দেহ কৰা হৈছে । জানিব পৰা মতে যোৱা এসপ্তাহ ধৰি মহিলাগৰাকী ঘৰৰ পৰা সন্ধানহীন হৈ আছিল যদিও পৰিয়ালৰ লোকে কোনো অজ্ঞাত কাৰণত আৰক্ষীক এই সম্পৰ্কে কোনো কথা অৱগত কৰা নাছিল । আজি পুৱা এলেকাটোৰ ৰাইজে আগন্তুক চট্ পূজা উপলক্ষে নৈৰ পাৰত ঘাট পৰিষ্কাৰ কৰিবলৈ যাওঁতে নৈত এটা বস্তা উপঙি থকা প্ৰত্যক্ষ কৰে আৰু বস্তাতো খুলি চাই উৱঁলি যোৱা মৃতদেহটো দেখি ডুমডুমা আৰক্ষী থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতেই লংছোৱালত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় ৰাইজে মৃত মহিলাগৰাকীৰ স্বামী সঞ্জয় গুপ্তাক উত্তম-মাধ্যমো দিয়ে । স্থানীয় ৰাইজে সন্দেহ কৰা মতে সঞ্জয় গুপ্তা আৰু তেওঁৰ পৰিয়ালৰ লোকেই মীৰা মণ্ডলক হত্যা কৰি এনেদৰে নৈত পেলাই দি ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে । অৱশ্যে লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ৰাইজৰ কবলৰ পৰা নিহত মহিলা গৰাকীৰ স্বামী সঞ্জয় গুপ্তাক উদ্ধাৰ কৰি থানালৈ সোধপোচৰ বাবে লৈ আনিছে ।

Exit mobile version