অগ্ৰদূত বাৰ্তা,গোৰেশ্বৰ,১৭ অক্টোবৰ: বাগসা জিলাৰ গোৰেশ্বৰত সেনা -আৰক্ষী আৰু চিআৰপিএফৰ অভিযানত দাবী কৰা ধন নিবলৈ আহি আটক এনডিএফবিৰ চাৰি সদস্য । গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰ আৰক্ষী চকী এলেকাধীন বাঙালীপাৰা- সুৱাগপুৰ অঞ্চলত ধন দাবী কৰি আহিছিল যুৱককেইজনে। গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰাম্ব গোস্বামী , সুৱাগপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়ো আৰু গোৰেশ্বৰস্থিত ১০ ই চি আৰ পি এফ আৰু সেনাৰ ৫৫ গোৰ্খা ৰেজিমেণ্টৰ সেনাৰ সহযোগত চলোৱা হৈছিল এই অভিযান। প্ৰথমে সেনা আৰক্ষী আৰু চিআৰপিএফৰ দলেটোৱে অভিযান চলাই পুৱা ৯.৩০ বজাত বাইহাটা চাৰিআলিৰ পৰা আটক কৰে এন ডি এফ (গোবিন্দ) গোটৰ সদস্য তামুলপুৰৰ ভোগমাৰী গাওঁৰ তানিয়া বড়োৰ পুত্ৰ ধনেশ্বৰ বড়ো(৩০) আৰু নিজকে গাড়ী চালক বুলি দাবী কৰা শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ হাংক্ৰীপুৰৰ টিলা স্বৰ্গীয়াৰীৰ পুত্ৰ ৰাজেন স্বৰ্গীয়াৰী (২৮) ক । আনহাতে পৰবৰ্তী সময়ত অভিযান চলাই সেনা আৰক্ষী চি আৰ পি এফে ধন দাবীৰ ঘটনাত সহযোগ কৰা আন দুজন সহযোগী ক্ৰমে বিজয় বড়ো উৰফে হিৰো (৩০) আৰু সোণেশ্বৰ বড়ো (২৮)ক আটক কৰে। দুয়োজনৰে ঘৰ শুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ঔবাৰী গাওঁত। উল্লেখ্য যে গোৰেশ্বৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ১০ অক্টোবৰতে ৰুজু হৈ আছিল এটা গোচৰ। শুৱাগপুৰৰ ব্যৱসাযী বিলিফাং নাৰ্জাৰীক এনডিএফবি সদস্যসকলে দাবী কৰিছিল পাঁচ লাখ টকা। গোৰেশ্বৰ থানাত বাগলা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লাওহাং ডংগোল আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনা সন্দৰ্ভত আৰক্ষী অব্যাহত ৰাখিছে তদন্ত।