বিশেষ সংবাদদাতা ,বৰপেটা ১৭ অক্টোৱৰ : মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ প্ৰপন্ন শিষ্য ,আত্ম তত্বদৰ্শী পুৰুষ , তিনিও ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱৰ মূল সবাহ আজি বৰপেটা সত্ৰত পালন কৰা হয় ৷ বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন মহোৎসৱ সাতদিনীয়া আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্তন মহোৎসৱ দহদিনীয়াকৈ পালন কৰাৰ দৰে মথুৰাদাস বুঢ়াআতাৰ কীৰ্তন পাঁচদিনীয়াকৈ পালন কৰা হয় ৷ এই উপলক্ষে যোৱা ১৩ অক্টোৰত বুঢ়া আতাৰ কীৰ্তন থাপনা কৰি তাল ভংগ নোহোৱাকৈ কীৰ্তন চলাই আজি কীৰ্তনৰ মূল সবাহ অনুষ্ঠিত হয় ৷ বৃন্দাৱনী বস্ত্ৰ নিৰ্মাণৰ মুখ্য তাঁতী, গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰৱৰ্তক আৰু গুৰু ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শনকাৰী, মথুৰাদাস বুঢ়া আতাক সত্ৰত পাঁচদিনীয়াকৈ নিত্য নৈমিত্তিক প্ৰসংগ অনুষ্ঠিত কৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ সহস্ৰাধিক ভকত বৈষ্ণৱ আৰু আইসকলৰ উপস্থিতিত পুৱাৰ প্ৰসংগ সামৰণিৰ পিছত সত্ৰৰ বংশৰাৰ গায়ন বায়নে সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট বজাই খোল প্ৰসংগ কৰাৰ লগতে ভোজন ব্যৱহাৰ নাটৰ অংক পৰিবেশন কৰে ৷ তাৰ পাছত ঘোষা কীৰ্তনীয়াই ঘোষাকীৰ্তন আৰু ব্যাহ কীৰ্তনীয়াই ব্যাহ কীৰ্তন পৰিবেশন কৰে ৷ বিয়লি থূল নহাটীৰ বাপুসকলে গায়ন – বায়ন ব্যাহ কীৰ্তনেৰে এক মনমোহা সমদলেৰে সত্ৰত কৰভাৰ প্ৰদান কৰে ৷কৰভাৰৰ লগত থূল নহাটীৰ বাপুসকলে প্ৰদান কৰা চাউল, তেল, ঔ , কোমোৰা আৰু কাচকল সত্ৰত ভাগ থকা ভকতৰ মাজত বিতৰণ কৰা হয় ৷ বুঢ়া আতাৰ কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত অগণন ভকত আইসকলৰ সমাবেশ হয় ৷ ইপিনে যোৱা কালি সন্ধিয়া কীৰ্তন মহোৎসৱ উপলক্ষে নহাটীৰ বাটচ’ৰা প্ৰাঙ্গনত বুঢ়া আতাৰ সোঁৱৰণত এখনি সোঁৱৰণী সভা অনুষ্ঠিত হয় ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱ শৰ্মাই উদ্ধোধন কৰা সোঁৱৰণী সভাখনত সভাপতিত্বত কৰে একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ সাধু চৰণ দাসে ৷ সভাত বিশিষ্ট অতিথি হিচাপে দুৰ্যোগ প্ৰশমণ বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা নিৰ্দিষ্ট বক্তা হিচাপে জিলা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ হাউলীৰ প্ৰৱক্তা ৰঞ্জিৎ কলিতা আৰু শ্ৰীমদ্ভাগৱত সন্মিলনৰ সভাপতি দীপক দাসে অংশ গ্ৰহণ কৰে ৷
বৰপেটা সত্ৰত শ্ৰীশ্ৰীমথুৰাদাস বুঢ়া আতাৰ কীৰ্তন মহোৎসৱ পালন
-
By publisher
- Categories: News, Spirituality
Related Content
Minister Pijush Hazarika:জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
By
publisher
January 16, 2025
Umrangso Incident:উমৰাংছ'ৰ অভিশপ্ত কয়লাখনিত এতিয়াও আবদ্ধ খলিচানিমাৰীৰ সৰ্পা বৰ্মন
By
publisher
January 16, 2025
Saif Ali Khan : ছৈয়ফ আলী খানৰ মেৰুদণ্ডৰ পৰা ২.৫ ইঞ্চি দীঘল ছুৰীৰ অংশ উদ্ধাৰ
By
publisher
January 16, 2025
বিশ্বৰ দ্বিতীয় লেমেহীয়া চহৰৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ এইখন চহৰে
By
publisher
January 16, 2025
Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ
By
publisher
January 16, 2025
Guwahati Fire: গুৱাহাটী ৰে'ল ষ্টেচন চৌহদত হুৱাদুৱা
By
publisher
January 16, 2025