নগাঁও,২০ অক্টোবৰ:বিশ্বায়নৰ প্ৰভাৱ আৰু যান্ত্ৰিকতাময় জীৱনৰ উপৰিও কিতাপৰ অতিমাত্ৰা বোজাই যিটো সময়ত শিশু সকলৰো জীৱন যান্ত্ৰিক কৰি তুলিছে, কেলৱ কিতাপ- কম্পিউটাৰ- লেপটপ-ম’বাইল-ভিডিঅ’ গেম শিশুৰ সংগী হৈ পৰিছে সেই সময়তেই গুৰুজনাৰ সৃষ্ট অসমীয়া ভাওণাৰ প্ৰচাৰ-প্ৰসাৰত নামি পৰিছে নগাঁৱৰ এজাক শিশু।নতুন প্ৰজন্মৰ বাবে অপৰিচিত হৈ পৰা অসমীয়া ভাওণাত নিখুঁত অভিনয়ৰে এই শিশু সকলে ৰাইজৰ হৃদয় জিনিলে।কেৱল পাঠ্যপুথিৰ শিক্ষা গ্ৰহণতে আৱদ্ধ নাথাকি অসমীয়া সংস্কৃতিৰ চৰ্চাতো আন্তৰিকতাৰে জড়িত হৈ পৰা চহৰ খনৰ এই শিশু সকলৰ এনে পদক্ষেপ অসমীয়া কৃষ্টি-সংস্কৃতিৰ বাবে এক শুভ বাৰ্তা হিচাপে বিবেচিত হৈছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰি এই শিশু সকলে গুৰুজনাৰ সৃষ্টি ৰাজিক প্ৰসাৰৰ বাবে লোৱা প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে। উল্লেখ্যযে,শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সেৱা আগবঢ়াই অহা নগাঁৱৰ সোণালী মইনা পাৰিজাতৰ শিশু শিল্পীসকলে কালি নিশা পৰিৱেশন কৰে হৰিহৰৰ যুদ্ধ নামৰ ভাওনা । নগাঁও চহৰৰ আমোলাপট্টি পূজা মণ্ডপত মঞ্চস্থ কৰা এই ভাওনাখনত শিশু সকলৰ বলিষ্ঠ অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে।
কিতাপৰ বোজাৰ মাজতো ভাওনা সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰত এজাক শিশু
-
By publisher
- Categories: News, Spirituality
Related Content
Minister Pijush Hazarika:জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
By
publisher
January 16, 2025
Umrangso Incident:উমৰাংছ'ৰ অভিশপ্ত কয়লাখনিত এতিয়াও আবদ্ধ খলিচানিমাৰীৰ সৰ্পা বৰ্মন
By
publisher
January 16, 2025
Saif Ali Khan : ছৈয়ফ আলী খানৰ মেৰুদণ্ডৰ পৰা ২.৫ ইঞ্চি দীঘল ছুৰীৰ অংশ উদ্ধাৰ
By
publisher
January 16, 2025
বিশ্বৰ দ্বিতীয় লেমেহীয়া চহৰৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ এইখন চহৰে
By
publisher
January 16, 2025
Trump will be sworn in on 20 January: ২০ জানুৱাৰীত ট্রাম্পৰ শপতগ্ৰহণ
By
publisher
January 16, 2025
Guwahati Fire: গুৱাহাটী ৰে'ল ষ্টেচন চৌহদত হুৱাদুৱা
By
publisher
January 16, 2025