পকী দলঙৰ আশা বাদ দি এজাৰগুৰিত জাঁজী নদীত ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰিছে বাঁহৰ দলং

web 3

অগ্ৰদূত বাৰ্তা, জাঁজী , ২০ অক্টোবৰ : যোৰহাট জিলাৰ টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত এটা বানে গৰকা কৃষি প্ৰধান অঞ্চল এজাৰগুৰি। প্ৰায় কুৰিখন গাঁৱৰ ৰাইজে স্বাধীনোত্তৰ ৭৩ বছৰৰ পাছতো উন্নয়নৰ নামত পালে কেৱল প্ৰতিশ্ৰুতি। নাই বিশুদ্ধ খোৱা পানী, নাই উন্নত চিকিৎসা সেৱা, উচ্চ শিক্ষানুষ্ঠান ইত্যাদি। প্ৰতিশ্ৰুতিৰ ফুলজাৰিত বহু কেইটা ৰাজনৈতিক দলে শাসন ভাৰ ল’লে ৷ নিৰ্বাচনৰ সময়ত এজাৰগুৰিক লৈ বহু ঘোষণা থাকে নেতা সকলৰ ৷ কিন্তু নিৰ্বাচন যায় আৰু এজাৰগুৰিৰ সমস্যা হে যেন নাযায় ৷ সমস্যা আৰু দুখ দুৰ্দশাৰ অন্ত নপৰা এজাৰগুৰিবাসীয়ে বুজি উঠে আজিৰ তাৰিখৰ তথাকথিত উন্নয়ন ৷ টীয়ক নগৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান ভিতৰুৱা এটা জনবহুল ঠাইক লৈ উপেক্ষা ৰজাঘৰীয়াৰ ৷ সংবাদ মাধ্যমৰ বাতৰিত প্ৰায়ে শিৰোনাম দখল কৰা এই এজাৰগুৰিত এইবাৰো ওলাইছে দলং হোৱাৰ কথা ৷ অৱশ্যে সময়েহে ক’ব ৷ ক্ষোভ অভিমানে আৱেগিক হৈ পৰা জনতাৰ আৰ্তনাদ ৰজাঘৰীয়াই কেতিয়া শুনা পাব সেইয়াও সময়েহে ক’ব ৷ বৰ্তমানো অতি বিপদসংকুলভাৱে নাঁওেৰে যাত্ৰা কৰা জনতাই অতি শংকাৰ মাজেৰে দুৰ্দশাময় পৰিস্থিতিৰে জীৱন কটাবলগীয়া হৈছে ৷ আজি প্ৰতিবছৰৰ দৰে যুৱকসকলে গাঠিৰ ধন ভাঙি বাঁহেৰে দলং সাজিছে ৷ উল্লেখযোগ্য যে এজাগুৰিৰ ঔগুৰি মিছিং গাঁও , অৰুণামূখ মিছিং গাঁও , ২ নং কাৱৈমাৰী ,জপং গাঁও ,মকালনি কে ধৰি ২০ খনৰো অধিক গাঁও সংযোগী দলংখন পকীৰূপত হ’লে সকলো নাগৰিকৰ লগতে বয়সস্থ লোকৰ বহু সুবিধা হ’ব ৷

Exit mobile version