

খেৰণি,২৭ অক্টোবৰ:- যোৱা কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত নেৰানেপেৰা বৰষুণৰ ফলত কঁপিলী,আমৰেঙ,আৰু দয়াং নদীটো একেসময়তে সৃষ্টি কৰিছে আৱতৰীয়া বান পানী। একে সময়তে তিনিখন নদীৰ বাঢ়নী পানীয়ে ডিমা হাছাও জিলাৰ উমৰংছো লৈ যোৱা ব্যস্ততাপূৰ্ণ পথৰ দিয়ুংমুখৰ মনবো নামৰ ঠাইৰ পৰা হাফলং তিনি আলি লৈকে প্ৰায় চাৰি কিলোমিটাৰ পথ বুৰাই পেলাইছে। ফলত ডিমা হাছাও জিলাত সম্প্ৰতি যাতায়তৰ ব্যৱস্থা ব্যাহত হৈছে লগতে শ শ বিঘা ধাননি পথাৰ ,কুঁহিয়াৰ খেতি,তিল খেতি বুৰাই পেলাইছে কঁপিলীৰ বাঢ়নী পানীয়ে। আনহাতে একেপথৰ লংকো নামৰ ঠাইত এটা জুৰীৰ ওপৰত থকা পকী দলং খনৰ ওপৰেৰে ডাম্পাৰ এখন অতিক্ৰম কৰিবলৈ যোৱাৰ সময়তে দলংখন পানী উটুৱাই নিয়াত ডাম্পাৰ খনো তলত বাগৰি পৰে। ইফালে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলৰ নেপালীবস্তি, দাসবস্তি, চেঙচেঙ বিল, শিলডুবি, মেনমেজী,ডেৰামুখ গাঁৱত ইতিমধ্যে প্লাবিত হৈ আবাস গৃহবোৰ পানীত বুৰ গৈছে। শ শ কৃষি ভূমি প্লাবিত হোৱাৰ লগতে উটি গল পশুধন, বয়বস্তু, সা সম্পত্তি।
ADVERTISEMENT