অগ্ৰদূত বাৰ্তা, সৰভোগ, ২৭ অক্টোবৰ:বৰপেটা জিলাৰ সৰভোগৰ উত্তৰ গণকগাড়ীৰ ঐতিহ্যমণ্ডিত কালী পূজাৰ দ্বাৰ আজি সন্ধিয়া ৭ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰে। পূজাৰ বন্তি প্ৰজ্জ্বলন তথা দ্বাৰ উন্মোচনৰ পিছত তেওঁ এক সভাত অংশগ্ৰহণ কৰে। সৰভোগৰ ঐতিহাসিক ভূমিত পদাৰ্পণ কৰি তেওঁ নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছে বুলি মন্তব্য কৰে। সৰভোগবাসী ৰাইজক সম্বোধন কৰি তেওঁ কয় যে, এইবাৰ তেওঁ শাৰদীয় পূজাৰ সময়ত সৰভোগ সমষ্টিৰ ৰাইজৰ লগতে কটায়। দুৰ্গা পূজাত বৰপেটাৰোডত আৰু কালী পূজাত সৰভোগত তেওঁ দেৱীৰ আশীৰ্বাদ লয়। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰভোগৰ বিধায়কৰ দক্ষতাক উচ্চ প্ৰশংসা কৰে আৰু সৰভোগবাসীক দুটা ভাল খবৰ প্ৰদান কৰে। ভাষণত তেওঁ ৬ নৱেম্বৰত সৰভোগত উপ-কোষাগাৰৰ কাৰ্যালয় বিত্ত মন্ত্ৰীয়ে উদ্বোধন কৰাৰ কথা আৰু পঞ্চাছখন বিছনাযুক্ত এখন চিকিৎসালয় সৰভোগত অচিৰেই মুকলি কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে, বৰাক-ব্ৰহ্মপুত্ৰৰ ৩৩ খন জিলাৰ সকলো জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাৱ জাগি উঠিলে সকলো অসূয়া-অশান্তি বিনাশ হৈ অসমত শান্তি প্ৰতিষ্ঠা হ’ব। তাৰ বাবে তেওঁ মা কালীৰ ওচৰত প্ৰাৰ্থনা জনাব। দীপাৱলীত জৈৱক সামগ্ৰী ব্যৱহাৰ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। সৰভোগৰ গৰখীয়া গোসাঁই থান পৰিদৰ্শন কৰিও তেওঁ অভিভূত হয় বুলি জনায়। থানখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই তেওঁক বিশেষভাৱে আকৃষ্ট কৰে। সভাত চেম্বাৰচ অৱ কমাৰ্চ, এডু কালচাৰেল পইন্ট সৰভোগ, বৰনগৰ মহিলা সাংস্কৃতিক গোষ্ঠী, বৰনগৰ মহাবিদ্যালয়, বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থা, বিজেপিৰ চকচকা ব্লক মণ্ডল সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক সম্বৰ্ধনা জনায়। আজিৰ সভাত আদৰণী ভাষণ ৰাখে কালী পূজা উদযাপন সমিতিৰ সম্পাদক সম্পদ দাসে। সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰ কুমাৰ দাসে। সভাত উপস্থিত থকা বিধায়ক ৰঞ্জিত কুমাৰ দাসে কয় যে, সৰভোগৰ ঐতিহাসিক পূজা মণ্ডপত আজি পোনপ্ৰথমে ৰাজ্যখনৰ এগৰাকী মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। তেওঁ সভাত চিগনেচাৰ আঁচনিৰ কথা উল্লেখ কৰাৰ লগতে বৰনগৰৰ ৮০ শতাংশ বাট-পথ উন্নত হৈছে বুলি কয়। তদুপৰি তেওঁ বৰনগৰৰ শিপিনীসকলে শুৱালকুছিৰ দৰেই বয়ন শিল্পত আগবাঢ়ি গৈ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে তেওঁ যৎপৰোনাস্তি চেষ্টা চলাব বুলিও কয়। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামী, স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেন কুমাৰ চক্ৰৱৰ্তী, বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, টিংখঙৰ বিধায়ক বিপুল বৰা আৰু আসাম পেট্ৰ’ কেমিকেল লিমিটেডৰ উপাধ্যক্ষ বিকুল ডেকা উপস্থিত থাকে। কালী পূজা উপলক্ষে মন্দিৰ প্ৰাংগনত হাজাৰ হাজাৰ লোকৰ সমাগম হয়। সভাত মুখ্যমন্ত্ৰীৰ সন্মুখত সৰভোগৰ ফেঁহুৰাখোৱাৰ শিপিনী মণিকা পাঠকে বই উলিওৱা মুগাৰ কাপোৰ এযোৰ প্ৰদৰ্শন কৰা হয়।
সৰভোগত উপ-কোষাগাৰৰ কাৰ্যালয় মুকলি:অচিৰেই পঞ্চাছখন বিছনাযুক্ত চিকিৎসালয় স্থাপনৰ ঘোষণা মুখ্যমন্ত্ৰীৰ
-
By publisher
- Categories: News
- Tags: AssamChief MinisterSarbananda Sonowal
Related Content
বেলুচিস্তান বিদ্ৰোহীৰ আক্ৰমণত ১৮ পাক জোৱানৰ মৃত্যু
By
publisher
February 2, 2025
বিভ্রান্তিকৰ বিজ্ঞাপন! ৰামদেৱৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা
By
publisher
February 2, 2025
US Canada Tariff Conflict:ট্রাম্পক প্ৰত্যুত্তৰ ট্রুডোৰ !
By
publisher
February 2, 2025
Nagaon Drama:নগাঁও জিলা পুথিভঁৰালত 'শিল্পকানন'ৰ বিশেষ নাট্য সন্ধিয়া
By
publisher
February 1, 2025