অগ্ৰদূত বাৰ্তা,ঠেলামৰা,২ডিচেম্বৰঃ
হুগ্ৰাজুলি পশু স্বাস্থ্য কেন্দ্ৰত বিগত আঠ বছৰ ধৰি তলা ওলমি থকাৰ ফলত পশুধন পালন কৰা কৃষক ৰাইজে ভীষণ অসূবিধাৰ সন্মূখীন হৈছে৷ ইয়াত বিগত আঠ বছৰে নাই চিকিৎসক কৰ্মচাৰীও৷ঢেকিয়াজুলিৰ হুগ্ৰাজুলিৰ অমিয়পুৰ পঞ্চায়তৰ ৯০শতাংশ লোকে পশুধন পালন কৰে I তেনে পৰিপেক্ষিতত পশু স্বাস্থ্য কেন্দ্ৰটো বন্ধ হৈ থকাত কৃষক সকলে বহু অসূবিধাৰ সন্মূখীন হৈছে৷হুগ্ৰাজুলি পশুস্বাস্থ্য কেন্দ্ৰ বন্ধ হৈ থকাত স্থানীয় পাচনৈ শাখা ছাত্ৰ সন্থাৰ সভাপতি কল্পজ্যোতি নাথ ,সম্পাদক কৌশিক পাপুল নাথে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি হুগ্ৰাজুলি পশু স্বাস্থ্য কেন্দ্ৰ মেৰামতি, চিকিৎসক -কৰ্মচাৰীৰ ব্যৱস্থা , পশুপালন কৰা কৃষক ৰাইজক উপকৃত হোৱাকৈ ব্যৱস্থা গ্ৰহন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু জিলা উপায়ুক্ত উপায়ুক্তক দাবী জনাইছে৷