নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজি নেছোই আহ্বান দিয়া এঘাৰ ঘন্টীয়া উ:পূঃ বন্ধৰ কাছাৰতো প্ৰভাৱ পৰিছে ৷ বন্ধ সমৰ্থন কাৰী সকলে ৰাতিপুৱাৰে পৰা বিভিন্ন পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত কৰে ৷ কাছাৰ জিলাৰ সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ বাঁচকান্দি শিলচৰৰ সোণাইৰোড নাগাটিলা, ৰংপুৰ, লাঠিগ্ৰাম আদি স্হানত পথ অৱৰোধ কৰে প্ৰতিবাদী সকলে ৷ ৰাতিপুৱাৰ পৰা বন্ধ সফল কৰি তোলাৰ কাৰণে ৰাজপথে ৰাজপথে উলায় পিকেটৰ সকল ৷ যদিও আৰক্ষী খুবেই সক্ৰিয় আছিল ৷ পিকেটাৰকাৰী সকল প্ৰতিবাদত নমাৰ লগে লগে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰে যদিও গ্ৰামঞ্চলত ব্যপক প্ৰভাৱ পড়িছে বন্ধৰ ৷ কাছৰৰ প্ৰতিটো অঞ্চলত বন্ধ যথেষ্ট প্ৰভাৱ পড়ে ৷ সাধাৰণ ৰাইজও বন্ধৰ স্বতঃফুৰ্ত সমৰ্থন কৰি উলাই আহে ৷ শিলচৰ চহৰৰ বিভিন্ন ঠাইৰ ব্যাৱসায়ী সকলে নিজ নিজ ব্যাৱসায়িক প্ৰতিষ্টান বন্ধ ৰাখি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা এই উত্তৰ পূৰ্ব বন্ধৰ সমৰ্থন কৰে ৷চহৰৰ ইটখলা, চামড়াগুদাম, ইণ্ডিয়া ক্লাবৰ ব্যাৱসায়ী সকলে ব্যাৱসায়িক প্ৰতিষিটান সমুহ বন্ধ ৰাখে ৷ শিলচৰ- কুম্ভীৰগ্ৰাম ভিআইপি পথত টায়াৰ জ্বলাই উত্তপ্ত কৰি তোলে প্ৰতিবাদী সকলে ৷বিভিন্ন ঠাইত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ হৈছে বুলি খৱৰ আহিছে ৷ ইফালে, ৰংপুৰত প্ৰতিবাদ কৰা খিলঞ্জীয়া অসম সুৰক্ষা কমিটীৰ সা: সম্পাদক হেৰাজিত সিংহ সহ কেবা জনো বন্ধ সমৰ্থন কাৰীক আটক কৰে আৰক্ষীয়ে ৷সোনাই ৰোড পৰা কাছৰৰ যুৱ নেতা আনছাৰ হুছেইন বড়লস্কৰক আটক কৰে আৰক্ষীয়ে ৷ শেষতীয়া পোৱা খৱৰঅনুযায়ী কাছৰত ২৭০ জনৰৰ উপৰি প্ৰতিবাদকাৰী সকলক আটক কৰে আৰক্ষীয়ে