বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাই এতিয়াও তাণ্ডৱ অব্যাহত ৰাখিছে ইউৰোপত। ইটালীত অব্যাহত আছে মৃত্যুলীলা।। ইয়াৰ পূৰ্বে কৰ’না ভাইৰাছৰ ফলত একেলগে এনেদৰে বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱা নাছিল। ফলত এতিয়া কৰ’নাৰ উপকেন্দ্ৰ হৈ পৰিছে ইটালী। ইয়াকে লৈ এতিয়া কাৰো সন্দেহ নাই। বিশ্বব্যাপী মহামাৰীৰ কবলত তচনচ হৈ পৰিছে জন জীৱন।এই পর্যন্ত ইটালীত মৃতকৰ সংখ্যা 2503 জন।দেশখনৰ ৰাজধানী মিলানৰ কেন্দ্ৰৰূপে পৰিচিত লম্বৰদি অঞ্চলতে মৃত্যু হৈছে ১২১৮। তদুপৰি স্পেইনতো এদিনতে এশ জনৰ মৃত্যু হৈছে।পৰিস্থিতি ইমানে ভয়াবহ হৈ পৰিছে যে ইউৰোপৰ অধিকাংশ দেশৰ সীমান্ত ছীল কৰি দিয়া হৈছে। কৰ’নাৰ সংক্ৰমন ৰোধ কৰিবলৈ ইটালীৰ চৰকাৰে দেশবাসীক অতি প্ৰয়োজনীয় নহ’লে ঘৰৰ বাহিৰলৈ ওলাবলৈ নিষেধ কৰিছে। এই পৰিস্থিতিত গৃহবন্দী হৈ থাকিও বাৰাণ্ডাত থিয় হৈ, ঘৰৰ চাদত উঠি বা খিৰিকীৰ ৰেলিঙত থিয় হৈ মোবাইলৰ টৰ্ছ জ্বলাই, কোনোবাই ম’মবাটি জ্বলাই দেশপ্ৰেমৰ গীত গাই মৃত্যুভয় দূৰ কৰাৰ বাৰ্তা প্ৰেৰণ কৰে। চীনৰ পিছত ইউৰোপ এতিয়া এই মহামাৰী বিচৰণ ভূমিত পৰিণত হৈছে । সংক্ৰমণ ৰুধিবলৈ যোৱা এসপ্তাহ পূৰ্বৰে পৰা নাগৰিকসকলক ঘৰৰ পৰা বাহিৰ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰে ইটালী চৰকাৰে। খাদ্য আৰু দৰবৰ দোকানৰ বাহিৰে আন সকলো বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে চৰকাৰে।
ইটালীত অব্যাহত মৃত্যুলীলা
-
By publisher

- Categories: Daily, News
- Tags: CoronaCorona VirusItaly
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025