বিশ্বব্যাপী ঘাতক হৈ পৰা ক’ৰনা ভাইৰাছৰ বাবে সম্পূৰ্ণৰূপে দোষী চীন। সুদীৰ্ঘ ২১ দিন ধৰি এই কুকীৰ্তি দেশখনে লুকুৱাই ৰাখিছিল। সম্প্ৰতি এই বিস্ফোৰক তথ্য ফাদিল হোৱাৰ পিছতে অস্বস্তিত পৰিছে ৰঙা চীন। তথ্য অনুসৰি বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত চীনত এই ৰোগ চিনাক্ত হৈছিল। কিন্তু সেইদিনা কোৱা হৈছিল যে নিউম’নিয়া আৰু ফ্লুজাতীয় ৰোগহে। ২৯ জানুৱাৰী পৰ্যন্ত এইদৰে সমগ্র বিশ্বক অন্ধকাৰত ৰাখিছিল চীনে। ইয়াৰ পিছত চলিত বৰ্ষৰ সাত জানুৱাৰীত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা চীনে প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰে। তথ্য অনুসৰি এজন চীনা ব্যৱসায়ীয়ে সৰ্বপ্ৰথমে এই অভিযোগ উত্থাপন কৰি চীনৰ ৰাষ্ট্ৰপতি জিংপিঙলৈ আঙুলি টুৱাইছিল। এই ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰা ব্যৱসায়ীজনৰ আজি পৰ্যন্ত কোনো সন্ধান নাই।পৰৱৰ্তী পৰ্যায়ত বাধ্যত পৰি চীনৰ চৰকাৰে নতুন ভাইৰাচক কৰ’না বুলি স্বীকাৰ কৰে। ইপিনে, আমেৰিকাই অভিযোগ উত্থাপন কৰিছে যে কৰ’না ভাইৰাছক লৈ বোমা নিৰ্মাণৰ ষড়যন্ত্ৰ ৰচিছিল চীনে।পৰীক্ষাৰ সময়ত সেয়া বিস্ফোৰিত হৈ দুৰ্যোগৰ সৃষ্টি কৰে।অন্যহাতে আমেৰিকাৰ অভিযোগক চীনে ওলোটাই অভিযোগ কৰে যে আমেৰিকাৰ সেনাই চীনলৈ যৌথ বাহিনীৰ অনুশীলনৰ বাবে অনুশীলনৰ বাবে যোৱাৰ সময়ত কৰ’নাৰ প্ৰসাৰ ঘটে। কিন্তু আজি চীনা সংবাদ মাধ্যমৰ বিস্ফোৰক তথ্য ফাদিলৰ আন্তৰ্জাতিক স্তৰত এঘৰীয়া হৈছে চীন। ৰঙা চীনৰ কুকীৰ্তিক লৈ সমগ্র বিশ্ব আজি সংকটৰ গৰাহত।
কৰ’না ভাইৰাছক লৈ চীনা সংবাদ মাধ্যমৰ বিস্ফোৰক তথ্য
-
By publisher

ADVERTISEMENT
- Categories: Daily, News
- Tags: ChinaCorona VirusCovid-19
Related Content
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
By
publisher
May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
By
publisher
May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
By
publisher
May 13, 2025