ৰাখীয়ে পিন্ধিলে মাস্ক:ঈশ্বৰক ধন্যবাদ দিলে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে

527880 lead

বিভিন্ন সময়ত বিভিন্ন বাক্যবানেৰে চৰ্চাৰ শীৰ্ষত থাকে বলিউদ অভিনেত্ৰী ৰাখী সাৱন্ত।তেওঁৰ কাম -কাজ ,বিভিন্ন বিতৰ্কিত মন্তব্যৰে প্ৰায় সংবাদ জগতৰ শিৰোনাম দখল কৰি আহিছে।শেহতীয়াকৈ এই অভিনেত্ৰী গৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা ভিডিও শ্বেয়াৰ কৰিছে ।এই ভিডিও টোত ৰাখীয়ে ক’ৰনা ভাইৰাছ ৰ সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ মুখত মাস্ক পৰিধান কৰি ভুমুকি মাৰিছে ।ক’ৰনা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ এইদৰে মাস্ক পিন্ধি ভিডিও প্ৰচাৰ কৰা বুলি অভিনেত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।কিন্তু এই ভিডিও প্ৰত্যক্ষ কৰিয়েই ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ৰাখী ক উদ্দেশ্য কৰি কয় যে ‘আপোনাৰ মুখ খন বন্ধ হ’ল।ভগৱানক অশেষ ধন্যবাদ।’

ADVERTISEMENT
Exit mobile version