হাত চাপৰি,শংখ,কাঁহ বজাই ধন্যবাদ জনালে কৰ’নাতংকৰ সময়ত জনতাৰ স্বাৰ্থত কৰ্ম কৰা লোকসকলক

Bollywood 5

গুৱাহাটী,২২ মাৰ্চঃ বিশ্বৰ লগতে সমগ্ৰ দেশত কৰ’না ভাইৰাছৰ ত্ৰাসৰ মাজতে আজি চিকিৎসক,সংবাদকৰ্মীসকলৰ লগতে জৰুৰীকালীন সেৱাৰ লগত জৰিত থকা লোকসকলক কৃতজ্ঞতাৰ হেতু হাত চাপৰি,কাঁহ বজাই ধন্যবাদেৰে ওপচাই পেলালে ৰাজ্যৰ জনগণে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না ভাইৰাছৰ প্ৰতিহত কৰাৰ কাৰণে দেওবাৰে দেশৰ জনগণক পুৱা সাত বজাৰ পৰা নিশা নবজালৈ “জনতা কাৰ্ফিউ” প্ৰযোজ্য কৰিছিল ৷ লগতে বিয়লি পাঁচ বজাত কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়তো জনগণৰ স্বাৰ্থত নিজৰ দায়িত্ব পালন কৰা প্ৰত্যেকজন লোকক হাত চাপৰিৰে ধন্যবাদ দিবলৈ জনগণক আহ্বান কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷ সেয়েহে দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিটো বাক্য আজি আখৰে আখৰে পালন কৰিলে দেশৰ জনগণে ৷ ইতিমধ্যে কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ প্ৰযুক্তি বিদ্যাৰৰে উন্নত প্ৰায় কেইখন দেশক ধৰাসায়ী কৰিছে ৷ লগতে ভাৰততো কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ভাৰতত কৰ’নাত সাত জন লোকে মৃত্যু বৰণ কৰিছে ৷ইয়াৰ লগে লগে সম্প্ৰতি অসমতো জনগণৰ মাজত কৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে ৷ শনিবাৰে যোৰহাটৰ পুলিবৰৰ এটি শিশুৰ শৰীৰত কৰ’না ভাইৰাছৰ স্থিতি আছে বুলি প্ৰকাশ পোৱা বাতৰিয়ে কেৱল সেই অঞ্চলটোতে নহয় সমগ্ৰ অসম আতংকিত হৈ পৰিছিল ৷ অৱশ্যে দ্বিতীয় বাৰৰ কাৰণে পৰীক্ষা কৰোতে শিশুটি যে কৰ’না ভাইৰাছ আক্ৰান্ত নহয় সেই তথ্য স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ৷ গতিকে এই সময়তে জনপ্ৰতিনিধি সকলৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী মোদীয়েও সকলো জনগণক নিজৰ বাসগৃহৰ ভিতৰতে থাকি সুস্থ আৰু সজাগ হ’বলৈ আহ্বান জনাইছে ৷

Exit mobile version