গুৱাহাটী,২৪ মাৰ্চঃকৰ’না ভাইৰাছৰ কাৰণে দেশত দিয়া তলাবন্ধৰ সময়ত যদি জনতাই অমান্য কৰে তেন্তে প্ৰয়োজন হ’লে কাৰ্ফু জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে ৷সমগ্ৰ দেশৰ ইতিমধ্যে ৫৪৮ খন জিলাত সম্পূৰ্ণ তলাবন্ধৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু জনতাৰ সুৰক্ষাৰ প্ৰতি দিয়া তলাবন্ধক কিছুসংখ্যক জনতাই সম্প্ৰতি অমান্য কৰা পৰিলক্ষিত হৈছে। আৰু সেই পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰক প্ৰয়োজন সাপেক্ষে কাৰ্ফু জাৰি কৰাৰ নিৰ্দেশ দিব কেন্দ্ৰীয় চৰকাৰে ৷ইতিমধ্যে ৰাজ্য চৰকাৰক পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে । আনহাতে দেশত তলাবন্ধৰ সময়সীমা তিনি সপ্তাহলৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কাৰণ দেশত প্ৰতিটো ক্ষণত বৃদ্ধি পাইছে কৰ’না ভাইৰাচত আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে দেশত ৫২১ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷মৃত্যু হৈছে নজন লোকৰ ৷ ইফালে উত্তৰ পূবৰ মণিপুৰত এগৰাকী যুৱতীৰ শৰীৰত কৰ’না ভাইৰাচৰ লক্ষণ ধৰা পৰিছে। গতিকে সম্প্ৰতি ৰাজ্য চৰকাৰসমূহৰ কাৰণে স্বাস্থ্য বিভাগটোক প্ৰাথমিক আৰু প্ৰধান দায়িত্ব হিচাপে ল’বলৈ আহ্বান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷