ভাৰতত কৰ’না ভাইৰাছৰ আতংকই তৃতীয় সপ্তাহ অতিক্ৰম কৰাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত মাস্কৰ ব্যৱহাৰ বৃদ্ধি পাইছে ৷সাম্প্ৰতিক সময়ত জনসাধাৰণে পদ পথত বিক্ৰী কৰাৰ মাস্কসমূহো ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। জনসাধাৰণে ব্যৱহাৰ কৰা মাস্কসমূহৰ ভিতৰত আছে এন৯৫ মাস্ক,তিনিটা স্তৰ বিশিষ্ট মাস্ক,গেঞ্জী কাপোৰ অথবা স্পঞ্জৰ মাস্ক,কাপোৰৰ পৰা তৈয়াৰী মাস্ক,যুৱতীসকলৰ দুপাট্টা বা ৰুমালখনক কিছুসংখ্যক লোকে ব্যৱহাৰ কৰে ৷ কিন্তু প্ৰশ্ন হয় জনসাধাৰণে ব্যৱহাৰ কৰা এই মাস্কসমূহ কিমান সুৰক্ষিত ? সকলো জনসাধাৰণে এনেধৰণৰ মাস্ক পৰিধান কৰাটো প্ৰয়োজন নেকি? এই সন্দৰ্ভত বিশেষজ্ঞ অমিতাভ নন্দী,সুমিত সেনগুপ্ত আৰু সুশ্ৰুত বন্দ্যোপাধ্যায়ে সহমত পোষণ কৰি কয় যে এনেধৰণৰ মাস্ক পৰিধান কৰাটো সকলোৰে কাৰণে প্ৰয়োজনীয় নহয় ৷গতিকে কোনে কেনেধৰণৰ মাস্ক পৰিধান কৰিব ৷এই সন্দৰ্ভত তিনিওজন বিশেষজ্ঞৰ মত যে যিসকল চিকিৎসক,নাৰ্চ বা স্বাস্থ্য সেৱাৰ লগত জৰিত লোকে ৰোগীৰ চিকিৎসা কৰি থাকে তেওঁলোকক এন৯৫ মাস্কৰ প্ৰয়োজন। যিসকল লোকৰ চৰ্দি,কাহ হৈছে তেওঁলোকক তিনিটা স্তৰ বিশিষ্ট মাস্কৰ প্ৰয়োজন ।কিন্তু বাৰে বাৰে মাস্কত হাত দিলেও ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা থাকে ৷ইফালে এন ৯৫ মাস্কৰ দ্বাৰা ৯৫ শতাংশ ভাইৰাছৰ মৃত্যু হয় ৷কিন্তু এই মাস্ক ১০ মিনিট পৰিধান কৰিলেও নাকে কানে চাপ পৰি যায় ।উশাহ লোৱাত কষ্ট হয় ৷গতিকে পৰিধান কৰা ব্যক্তিজনে হাতেৰে মাস্ক খন ঠিক কৰি থাকিব লাগিব। মাস্ক পৰিধান কৰোতে গৰম অনুভৱ কৰাৰ কাৰণে মাস্ক খুলিব লগীয়া হয় ৷আৰু তেতিয়াও হাতেৰেই মাস্ক খুলিব লগীয়া হয় ৷ মাস্কত ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকা থাকে। গতিকে মাস্ক পৰিধানে জনসাধাৰণক সুৰক্ষিত কৰাৰ বিপৰীতে আমাৰ ক্ষতিহে কৰিছে ।
মাস্ক পৰিধানে বিপদ মাতিছে জনগণলৈঃ বিশেষজ্ঞ
-
By publisher
- Categories: Uncategorized
Related Content
Jewelry to wear with winter clothes:শীতকালীন পোছাকৰ স'তে কি অলংকাৰ পিন্ধিব?
By
publisher
January 18, 2025
e-Aadhaar card:ই-আধাৰ কাৰ্ডৰ লাভ কি
By
publisher
January 18, 2025
Pakke Paga 2025: অৰুণাচল প্ৰদেশৰ চিজুছাত পাকে পাগা উৎসৱ উদযাপন
By
publisher
January 18, 2025