উদ্বেগৰ মাজতে আশাৰ ৰেঙণি
বিশ্বজুৰি সুস্থ হৈ উঠিছে এক লক্ষ কৰ’নাত আক্ৰান্ত
নতুন দিল্লী,২৩ মাৰ্চঃ কৰ’না ভাইৰাছৰ আতংকৰ সময়তে লাহে লাহে প্ৰাণ পাই উঠিছে পৃথিৱীয়ে ৷মৃত্যুৰ মিছিলে কৰ’না ভাইৰাছৰ ৰূপত বিশ্বজুৰি অন্ধকাৰ বিয়পোৱাৰ পাছত ক্ৰমাৎ পোহৰ অভিমুখী হৈছে পৃথিৱীাসী ৷মানুহৰ সচেতনতাই কৰ’না আতংকক পৰাভূত কৰিবলৈ ধৰিছে ৷ চিকিৎসকলৰ আপ্ৰাণ যুঁজ ফলপ্ৰসূ হৈছি ।যিদৰে কৰ’না কৰাল গ্ৰাসেৰে হেজাৰ হেজাৰ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷সেইদৰে মাৰাত্মক ভাইৰাছৰ কবলৰ পৰা চিকিৎসকৰ নিৰলস প্ৰচেষ্টাই হেজাৰ হেজাৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিছে ৷সুস্থ হৈছে পৃথিৱীজুৰি বহু লোক ৷শেহতীয়া পৰিসংখ্যা অনুসৰি ইতিমধ্যে সমগ্ৰ বিশ্বৰ প্ৰায় এক লক্ষ লোক সম্পূৰ্ণৰূপে কৰ’না কবলৰ পৰা সুস্থ হৈ উঠিছে ৷তেওঁলোকৰ বহুতকে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ৷অধিকাংশই গৃহমুখী হৈ সুস্থ স্বাভাৱিক জীৱন যাপন কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ চৰকাৰী ৱেবচাইটৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি এই পৰ্যন্ত প্ৰায় ৯৯ হেজাৰ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত সম্পূৰ্ণৰূপে সুস্থ হৈছে ৷বেচৰকাৰী পৰিসংখ্যা অনুসৰি লক্ষাধিক লোক বিপদমুক্ত হৈছে ।ইপিনে এই পৰ্যন্ত মৃত্যু হৈছে প্ৰায় ১৫ হেজাৰ লোকৰ ৷অৰ্থাৎ মৃত্যুৰ তুলনাত সুস্থ হোৱা লোকৰ পৰিমাণ বহুত বেছি৷ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি এই পৰ্যন্ত আক্ৰান্ত হৈছে তিনি লাখ ৪০ হেজাৰ লোক। অৰ্থাৎ প্ৰতি সাতজন আক্ৰান্তৰ ভিতৰত দুজন সম্পূৰ্ণৰূপে সুস্থ হৈছে ৷ভাৰতত আক্ৰান্তৰ সংখ্যা ক্ৰমশ বৃদ্ধি পালেও সুস্থতাৰ সংখ্যা আশাপদ ।মৃত্যুৰ তুলনাত ভাৰতত সুস্থতাৰ সংখ্যা অধিক ৷এই পৰিসংখ্যাই চিকিৎসৰ মাজত ক্ৰমশঃ আশাৰ ৰেঙনি জগাই তুলিছে। মনকৰিবলগীয়া যে বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে তথ্য প্ৰকাশ কৰিছিল যে কৰ’নাৰ সংক্ৰমণৰ দ্ৰুতগতিৰ তুলনাত মৃত্যুৰ হাৰ মুঠেও উদ্বেগজনক নহয়। কৰ’নাত মৃত্যুৰ হাৰ দুই শতাংশৰো কম ।তদুপৰি ৮৫ শতাংশ আক্ৰান্তৰ ভিতৰত ইয়াৰ প্ৰভাৱ তেনেই নগণ্য ৷ সচেতনতাৰ প্ৰসাৰ ঘটাব পাৰিলে এই ৰোগক প্ৰতিৰোধ কৰাটো সম্ভৱ। এনে আশাৰ বাণীৰ মাজতে স্বাভাৱিকতে আক্ৰান্তৰ সংখ্যাই উদ্বেগৰ সৃষ্টি কৰে ।কিয়নো বিশ্বজুৰি আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়িছে ৷ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব আক্ৰান্তৰ দেশসমূহে। সচেতন কৰিব লাগিব নাগৰিকসকলক ৷এই ক্ষেত্ৰত ভাৰতৰ ভূমিকা বিশ্বজুৰি প্ৰশংসিত হৈছে ৷