অনাগত দিনৰ শীতৰ সময়ত কৰ’না ভাইৰাছ সম্প্ৰসাৰণ হোৱাৰ আশংকা ব্যক্ত কৰিছে আমেৰিকাৰ বিশেষজ্ঞসকলে ৷ ডেংগু আৰু মেলেৰিয়াৰ দৰে কৰ’না ভাইৰাছৰ প্ৰতিষেধক অথবা চিকিৎসা পদ্ধতি আৱিষ্কাৰ ন’হলে বছৰৰ এটা নিৰ্দিষ্ট সময়ত এই ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ আংশকা প্ৰবল হৈ পৰিছে ৷ইতিমধ্যে আমেৰিকা আৰু চীনত কৰ’না ভাইৰাছৰ প্ৰতিষেধক মানৱ শৰীৰত প্ৰয়োগ কৰিবলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি আছে ৷ ইফালে বিশিষ্ট বিশেষজ্ঞ এন্টনী ফিউচীৰ গৱেষণা অনুসৰি শীতৰ সময়ত এই ভাইৰাছ বৃদ্ধি পাৰে৷ লগতে তেওঁ কয় যে আফ্ৰিকাৰ দক্ষিণ অংশ তথা দক্ষিণ গোলাৰ্দ্ধৰ দেশসমূহতে শীতৰ সময়ত কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৷গতিকে ইয়াৰ কাৰণে অনাগত শীতৰ দিনত আগতীয়াকৈ সাৱধান হ’ব ৷কিছুদিন পূৰ্বে আমেৰিকাত কৰ’নাৰ প্ৰতিষেধক মানৱদেহত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰিছে ।একেই প্ৰক্ৰিয়া চীনতো বৰ্তমান চলি আছে ৷এন্টনী ফিউচীয়ে কয় যে আমেৰিকা আৰু চীনত মানৱদেহত চলোৱা এই পৰীক্ষাৰ ফলাফলত নিশ্চয়তা আনিবলৈ কিছুদিন লাগিব ৷ তেওঁলোকৰ মত , ‘ আমি আমাৰ লক্ষ্যত উপনীত হ’ম ৷অনাগত দিনত কৰ’না ভাইৰাছৰ পৰা দেশক ৰক্ষা কৰিবলৈ আমি সকলো সাজু থাকিব লাগিব।‘ কিন্তু শীতৰ সময়ত যে কৰ’না ভাইৰাছ অত্যাধিক পৰিমাণে সংক্ৰমিত হয় বা গ্ৰীষ্মৰ কালত নহয় তাৰ কোনো প্ৰমাণ নাই। গতিকে এই সন্দৰ্ভত অনাগত দিনতহে বিতংকৈ দিব পাৰিব ৷ এন্টনীৰ মন্তব্য, ‘ শীত কালত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। গতিকে যিকোনো ভাইৰাছে আমাৰ শৰীৰত সংক্ৰমণ কৰিবলৈ সুবিধা পায়। গতিকে এই ভাইৰাচৰ সংক্ৰমণ হ্ৰাস পালেই যে এখন দেশে মহামাৰীৰ পৰা মুক্তি লাভ কৰিলে এনে নহয়। অনাগত দিনৰ শীতৰ সময়লৈ প্ৰস্তুত থাকিব লাগিব সকলো ।‘ কিন্তু তাৰ প্ৰাকমুহূৰ্তত কৰ’নাৰ প্ৰতিষেধক আৱিষ্কাৰ হওঁক এই আশা বিশেষজ্ঞসকলৰ ৷
অনাগত দিনৰ শীতৰ সময়ত কৰ’না ভাইৰাছ সম্প্ৰসাৰণ হোৱাৰ আশংকা
-
By publisher

- Categories: News
- Tags: Corona Virus
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025