ক’ৰনা ভাইৰাছৰ ভুৱা বাতৰি বিয়পোৱা লোক হ’ব লাগিব গ্ৰেপ্তাৰ

IMG 20200327 WA0085

 

ষ্টাফ ৰিপ’ৰ্টৰ ,গুৱাহাটী- ক’ৰনা ভাইৰাছক লৈ সম্প্ৰতি ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈ আছে । ইয়াৰে বহুত সংখ্যাক উৰাবাতৰি ও প্ৰচাৰ হৈছে ।যিসকলে বিভিন্ন মাধ্যমেৰে বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰ কৰি আছে সেইবোৰৰ বিৰুদ্ধে উচিত শাস্তি প্ৰদান কৰিব বুলি সৰু সজাই ক্ৰীড়া প্ৰকল্পত এক সংবাদ মেলত বিত্ত ,স্বাস্থ্য আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ।আনহাতে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক দুব্যৱহাৰ কৰা লোকৰ বিৰুদ্ধে অপৰাধ গোচৰ পঞ্জীয়ন হ’ব বুলি তেওঁ জনায় ।আনহাতে ক’ৰনা ভাইৰাছে স্থবিৰতাৰ সৃষ্টি কৰিলেও সদ্যহতে অসম চৰকাৰৰ পুঁজিৰ প্ৰয়োজন হোৱা নাই কিন্ত অৰ্থনীতিৰ ওপৰত চলিত পৰিস্থিতিয়ে অধিক নেতিবাচক প্ৰভাৱ পেলায় তেতিয়াহ’লে ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।আনহাতে মাৰাত্মাক ভাইৰাছ বিধৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে সম্প্ৰতি দেশত যি তলা বন্ধ চলি আছে তাক একাংশই উলংঘা কৰাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰে ।

Exit mobile version