দেশত ন’ভেল কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৪৯ জনলৈ বৃদ্ধি পাইছে। এই সময়তে প্ৰায় ১লাখ ৭০ হাজাৰ কোটি টকাৰ বিশেষ সাহায্য ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ লগতে প্ৰধানমন্ত্ৰী জন কল্যাণ প্ৰকল্পৰ আওতাত ৮০ কোটি মানুহক প্ৰতিমাহে বিনামূলীয়াকৈ পাঁচ কেজি চাউল অথবা গম প্ৰদান কৰিব ৷লগতে অতিৰিক্ত ১ কেজি দাইলো প্ৰদান কৰা হ’ব ৷দিল্লীত সাংবাদিকৰ সৈতে হোৱা সংবাদমেলত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু অনুৰাগ ঠাকুৰে ৷ দেশৰ কোনো যাতে ভোকত থাকিব নালাগে তাৰ কাৰণে বিত্ত মন্ত্ৰীৰ এই পদক্ষেপ ৷ ইফালে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৰ’না ভাইৰাছৰ সময়ত দেশত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ কাৰণে কিছুমান পদক্ষেপ হাতত লৈছে ৷তাৰ ভিতৰত
কৰ’না ভাইৰাছৰ আতংকৰ সময়তে ইপিএফ আইন সংশোধন কৰাৰ প্ৰস্তুত কৰিছে চৰকাৰে । ইয়াৰ দ্বাৰা লকডাউনৰ সময়ত ছোৱাত কৰ্মচাৰীক ৭৫ শতাংশ বেতন প্ৰদান কৰিব লাগিব ৷
প্ৰতিটো দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ ১ কেজি ডাইলৰ যোগান ৷ইয়াৰ দ্বাৰা দেশৰ ৮০ কোটি লোক উপকৃত হ’ব ৷
কৰ’নাৰ ৰোগীক চিকিৎসাত ব্যস্ত ২০ লাখ চিকিৎসাকৰ্মীৰ বাবে ৫০ লাখ টকাৰ জীৱন বীমা ৷
দেশৰ কৃষকসকলৰ একাউণ্টত জমা কৰা হ’ব ২০০০ টকা ৷দেশৰ ৮ কোটি ৭০ লাখ কৃষকক ৩ মাহৰ বাবে লাভ কৰিব এই ধন।
৮ কোটি মহিলাই উজ্জ্বলা আঁচনিৰ জৰিয়তে পৰা বিনামূলীয়া ৰন্ধন গেছ ৷লগতে জনধন আঁচনিৰ অধীনত মাহিলী ৫০০ টকাকৈ পাব ৷
মনৰেগা আঁচনিৰ শ্ৰমিকৰ পাৰিশ্ৰমিক ১৮২ টকাৰ পৰা ২০২ টকালৈ বৃদ্ধি ৷
গাঁৱৰ মহিলা গোটসমূহ ২০ লাখ পৰ্যন্ত ঋণ প্ৰদান ৷কিন্তু প্ৰথম পৰ্যায়ত গোটসমূহক ১০ লাখকৈ ঋণ প্ৰদান কৰা হ’ব ৷