এফালে লক্-ডাউনৰ বাবে স্তব্ধ জনজীৱন আনফালে উভৈনদী শস্য বিক্ৰী কৰিব নোৱাৰি কৃষকৰ হাহাকাৰ। প্ৰধানমন্ত্ৰীৰ লক্ ডাউনৰ নিৰ্দেশক দেশৰ জনতাই সমৰ্থন জনাইছে যদিও উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰি মূৰে কপালে হাত দিছে কৃষক সমাজে। বাক্সা আৰু বৰপেটা জিলাৰ শ শ বিঘা কৃষিভূমিত বহু পৰিশ্ৰম কৰি আৰু ঋণ তথা সুদত টকা লৈ স্কোৱাজ, ৰঙালাও, বিলাহী, বেঙেনা, বন্ধাকবি, পানীলাও, জলকীয়া আদিৰ বিভিন্ন ধৰণৰ খেতি কৰিছিল কৃষকসকলে । কিন্তু লক্ ডাউনৰ বাবে সকলো বন্ধ হৈ পৰাত বজাৰলৈ বিক্ৰীৰ বাবে নিব পৰা নাই উৎপাদিত শস্যসমূহ আৰু ইয়াৰ ফলত পথাৰতে নষ্ট হ’বলৈ আৰম্ভ কৰিছে এই শস্যসমূহ। এই সন্দৰ্ভত জিলা দুখনৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে চৰকাৰৰ যোগানবিভাগৰ হস্তক্ষেপ বিচাৰি কাতৰ আহ্বান জনাইছে।
*লক্-ডাউনৰ মাজতে উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰাৰ ফলত বাক্সা-বৰপেটাত কৃষকৰ হাহাকাৰ*
-
By publisher
- Categories: News
Related Content
Mallikarjun Kharge: ‘মহাকুম্ভত প্রাণ হেৰুৱাইছে এহেজাৰ জন ভক্তৰ
By
publisher
February 4, 2025
Modi-Trump Meet :১৩ ফেব্ৰুৱাৰীত হোৱাইট হাউছত মোডী !
By
publisher
February 4, 2025
Modi-Trump Meet :১৩ ফেব্ৰুৱাৰীত হোৱাইট হাউছত মোডী !
By
publisher
February 4, 2025
Dibugarh Youth Dead:ডিব্ৰুগড়ত হঠাৎ ঢলি পৰি যুৱকৰ আকস্মিক মৃত্যু
By
publisher
February 3, 2025
Bilasipara Festival Incident:অথঃবিলাসীপাৰাৰ মিউজিক ফেষ্টিৱেল কাণ্ড
By
publisher
February 3, 2025
Doboka Incident:ডবকা বনাঞ্চলিক কার্যালয়ৰ অন্তৰ্গত দেৱস্থানত বন মাফিয়াৰ সন্ত্রাস
By
publisher
February 3, 2025