কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে স্পেইনৰ ৰাজকুমাৰীয়ে

EUGMFskU8AEZLFX spoU9Pu
ADVERTISEMENT

বিশ্বজুৰি তাণ্ডৱৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ ত্ৰাসে এইবাৰ শোকৰ ছাঁ নমাই আনিলে স্পেইনৰ ‘পাৰমা-বাৰব’ন’ ৰাজ পৰিয়াললৈ। ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিল স্পেইনৰ ৰাজকুমাৰী ৮৬ বছৰীয়া মাৰিয়া টেৰেজাৰ। ফেচবুকত তেওঁৰ ভাতৃ এণ্ড্ৰিক ডি বাৰব’নে তেওঁৰ মৃত্যুৰ বিষয়ে ঘোষণা কৰি কয় যে অলপতে মাৰিয়াৰ শৰীৰত সংক্ৰমণ চিনাক্ত হয়।

সেই অৱস্থাত পেৰিছত তেওঁৰ মৃত্যু হয় যোৱা পৰহি আৰু মাদ্রিদত শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰিন্স হাভিয়াৰ আৰু মেডেলিন ডি বাৰবানৰ ছটা সন্তানৰ অন্যতম মাৰিয়াৰ জন্ম হয় ১৯৩৩ ৰ ২৮ জুলাইত পেৰিছত। ফ্ৰান্সতে তেওঁ অধ্যয়ন সমাপ্ত কৰে। স্বাধীনচেতিয়া আৰু স্পষ্টবাদী মাৰিয়াই অধ্যাপনাৰ লগতে বিভিন্ন সমাজ সেৱাৰ কামত জড়িত আছিল। সম্প্ৰতি স্পেইনত কৰ’না ভাইৰাছৰ ফলত ৭৩ হাজাৰ লোক আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে প্ৰায় ছহেজাৰ।

Exit mobile version