অসমত ৩৪০ আইন উলংঘাকাৰীক গ্ৰেপ্তাৰ

29 03 20 Guwahati lockdown People come out with child 5

তলাবন্ধৰ সময়ছোৱাত আইন উলংঘা কৰি গ্ৰেপ্তাৰ হ’ল আৰু ৬৪ জন লোক। ইয়াৰ লগে লগে তলাবন্ধৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৩৪০ জনলৈ বৃদ্ধি পালে। আৰক্ষী সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে, সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত থকা তলাবন্ধৰ জৰিয়তে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো ৰাজ্যৰ একাংশ লোকে সকলো নীতি-নিৰ্দেশনা উলংঘা কৰি ৰাজপথত বিচৰণ অব্যাহত ৰাখিছে। ফলত সংশ্লিষ্ট সকলে মৃত্যুদূতৰূপী কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ নিজৰ লগতে পৰিয়াল তথা সমাজৰ এটা বৃহৎ অংশৰ প্ৰতি প্রচণ্ড ভাবুকি সৃষ্টি কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আৰক্ষী থানাত বিগত ২৪ ঘণ্টাত ৩৮ টা গোচৰ ৰুজু কৰি ৬৪ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইয়াৰ লগে লগে তলাবন্ধৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ সংখ্যা ১৭৮ টালৈ আৰু গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা ৩৪০ জনলৈ বৃদ্ধি পায়। লগতে যোৱা ২৫ মাৰ্চৰ পৰা আজি পৰ্যন্ত আৰক্ষীয়ে ৯০৬ খনমান বাহন জব্দ কৰে। একেদৰে এই সময়ছোৱাত নগদ ৩,৮৫,৫০০ টকা জৰিমনা আদায় কৰা হয় বুলিও আৰক্ষীয়ে জনায়।

অন্যহাতে ইয়াৰ লগে লগে তলাবন্ধৰ মাজতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে সুৰাৰ ৰমৰমীয়া বেহা। ৰাজ্যজুৰি অভিযান আৰম্ভ কৰা আবকাৰী বিভাগৰ দলে আজি মহানগৰীৰ বেলতলা, বক্ৰাপাৰা,ভেটাপাৰা, ধীৰেণপাৰা, আদিনগিৰী পাহাৰ, মালিগাঁও আদিত অভিযান চলাই পাঁচটা চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰে।

লগতে অভিযানকাৰী দলটোৱে অসাধু চক্ৰৰ জিম্মাৰ পৰা ছয় কাৰ্টুন বিলাতী সুৰা জব্দ কৰে। অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে অবৈধভাৱে সুৰা বিক্ৰীৰ অভিযোগত ভেটাপাৰাৰ পৰা এজন সুৰা বেপাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত অভিযুক্তজন ভেটাপাৰাৰ ৰবীন বড়ো বুলি কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথে জনায়।

Exit mobile version