কৰ’না ভাইৰাছত সংক্ৰমণ বৃদ্ধি

coronavirus agencies 1

দেশত আক্ৰান্ত সহস্ৰাধিক

ভাৰততো কৰ’না ভাইৰাছে ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে ৷ শেহতীয়া তথ্য অনুসৰি দেশত আক্ৰান্তৰ সংখ্যাই ১২১০ অতিক্ৰম কৰিলে ৷এই পৰ্যন্ত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে ৷পশ্চিমবংগত ২জনৰ,তেলেংগানা,তামিলনাডু,পঞ্জাৱত ২জনৰ ,কেৰেলা,জন্মু কাশ্মীৰ,হিমাচল প্ৰদেশ আৰু বিহাৰত এজনকৈ লোকৰ মৃত্যু হৈছে। ইতিমধ্যে মহাৰাষ্ট্ৰত ৯জনৰ,মধ্যপ্ৰদেশত ২জনৰ,কৰ্ণাটকত তিনিজনৰ,গুজৰাটত ৬জনৰ আৰু দিল্লীত দুজনৰ মৃত্যু হৈছে ।ইপিনে কেন্দ্ৰীয় চৰকাৰে এক জৰুৰী নিৰ্দেশ জাৰি কৰি ৰাজ্যসমূহক নিজৰ নিজৰ সীমান্ত ছীল কৰিবলৈ কয় ।

দেশজুৰি তলাবন্ধৰ সময়ছোৱাত ৰেল আৰু আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ আছে যদিও সামাজিক ব্যৱধানৰ নীতি ওফৰাই দিল্লীত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গৃহ অভিমুখী যাত্ৰা অব্যাহত আছে ।সেয়েহে ৰাজ্যসমূহক সতৰ্ক হ’বলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷ এনে পৰিপ্ৰেক্ষিততে উপযুক্ত ব্যৱস্থা গ্ৰহণ বাবে কেন্দ্ৰই সকলো ৰাজ্যকে সীমান্তসমূহ ছীল কৰি প্ৰব্ৰজিত শ্ৰমিকক খাদ্য আৰু আশ্ৰয় যোগান ধৰি য’তে আছে তাতে থাকিবলৈ উৎসাহিত কৰা উচিত বুলি কেন্দ্ৰীয় চৰকাৰে কয় ৷তদুপৰি তলাবন্ধৰ সময়ছোৱাত ঘৰলৈ উভতি যোৱাসকলক ১৪ দিনৰ কোৱাৰেন্টাইনত ৰাখিবলৈ কেন্দ্ৰই নিৰ্দেশ দিয়ে ৷

পাঁচদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ২১দিনীয়া তলাবন্ধ ঘোষণা কৰাৰ পাছত কে’বা সহস্ৰাধিক দিন হাজিৰা কৰা শ্ৰমিকে ঘৰলৈ উভতিবলৈ আৰম্ভ কৰে ৷বৃহৎ মহানগৰীসমূহত কৰ্মহীন হৈ পৰাত অনিশ্চিত ভৱিষ্যতৰ আশংকাত তেওঁলোক গৃহমুখী হয় ।এইদৰে হেজাৰ হেজাৰ লোক আনকি বাছৰ ওপৰতো বহি যোৱা দৃশ্যই তলাবন্ধৰ জৰিয়তে সামাজিক দূৰত্ব বজাই ৰখাৰ চৰকাৰৰ প্ৰচেষ্টা অসাৰ কৰি তোলে ৷এই পৰিপেক্ষিতত কেন্দ্ৰই ৰাজ্যসমূহক সীমান্ত ছীল  কৰিবলৈ আৰু ৰাজ্যলৈ অহা বাছসমূহ সীমান্ততে আৱদ্ধ কৰি তাৰ যাত্ৰীসকলক ১৪ দিনৰ কোৱাৰেন্টাইনত দিবলৈ নিৰ্দেশ দিয়ে ।

তদুপৰি যিসকল ভাড়াঘৰৰ মালিকে এনে ভাড়াতীয়াক ঘৰ খালী কৰিবলৈ বাধ্য কৰিলে তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় কয়। কেন্দ্ৰীয় চৰকাৰে কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ লগতে দৰিদ্ৰ লোকৰ বাবে খাদ্য আৰু আশ্ৰয় দিব পৰাকৈ কেন্দ্ৰৰ হাতত প্ৰচুৰ পৰিমাণৰ পুঁজি মজুত আছে ৷তলাবন্ধৰ কালছোৱাত শ্ৰমিকৰ মজুৰি কৰ্তন নকৰিবলৈ মালিকসকলক নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে ৷তিনি সপ্তাহ কঠোৰভাৱে তলাবন্ধ ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰক কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ৰ জাননীযোগে নিৰ্দেশনা দিয়া হয়। অৱশ্যে  দিল্লীত এনে শ্ৰমিকৰ চলাচল বন্ধ হয় ৷দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এনে শ্ৰমিকক ৰাজ্য এৰি নাযাবলৈ আহ্বান জনাই কয় যে তেওঁৰ চৰকাৰে খাদ্য আৰু আশ্ৰয়ৰ প্ৰচুৰ ব্যৱস্থাপনা কৰিব ।ইপিনে,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যলৈ উভতি অহা ডেৰ লাখ প্ৰব্ৰজিত শ্ৰমিকৰ সন্ধান কৰিবলৈ প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়ে ৷ৰাজ্যৰ দ্বাৰা পৰিচালিত শিবিৰত যথেষ্ট পৰিমাণৰ খাদ্য আদিৰ ব্যৱস্থা কৰি শ্ৰমিকসকলক ১৪ দিনৰ বাবে কোৱাৰেন্টাইন কৰিবলৈ তেওঁ কয় ।

Exit mobile version