কৰ’নাই অনা বিপৰ্যয়ত হতাশগ্ৰস্ত হৈ জাৰ্মানীৰ বিত্তমন্ত্ৰীৰ আত্মহত্যা

08329388

সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিড ১৯ ভাইৰাছত আক্ৰান্ত হৈ প্ৰতিদিনে বিশ্বত প্ৰাণ হেৰুৱাইছে হেজাৰ হেজাৰ লোকে ৷ বিশ্বক নেতৃত্ব প্ৰদানকাৰী অন্য শক্তিশালী দেশ জাৰ্মানীতো এই ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে দেশখনৰ হেছে প্ৰদেশৰ বিত্তমন্ত্ৰী থমাছ ছেফাৰে আত্মহত্যা কৰাৰ ঘটনাই কেৱল জাৰ্মানীতে নহয় সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বিগত ১০ বছৰে বিত্তমন্ত্ৰীৰ দায়িত্ব দক্ষতাৰে চম্ভালি অহা ছেফাৰৰ মৃত্যুক লৈ হতভম্ব হোৱা হেছেৰ মুৰব্বী ভলকাৰ বুফীয়েৰে কয় যে কৰ’নাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থাত যি ভয়াবহ নেতিবাচক প্ৰভাৱ পৰিছে ৷ তাৰ পৰা উদ্ধাৰৰ বাবে ছেফাৰে দিন ৰাতি একাকাৰ কৰিছিল। তেনে সময়তে তেওঁ বাছি লোৱা আত্মহননৰ অন্তৰালত নিশ্চয় দুশ্চিন্তাই মুখ্য কাৰণ বুলি বুফীয়েৰে আশংকা ব্যক্ত কৰে ৷ তেওঁ কয় নিশ্চয়  গুৰুতৰ দুশ্চিন্তাত ভূগিছিল তেওঁ। অথচ এই কঠিন সময়ত তেওঁৰ দৰে এজন দায়িত্বশীল দক্ষ লোকৰ আমাৰ অতি প্ৰয়োজন আছিল ৷ অত্যন্ত দুখজনক এই ঘটনা ৷মই এতিয়াও ঘটনাটোক বিশ্বাস কৰিব পৰা নাই।

উল্লেখ যে দেশখনৰ ফ্ৰাংকফুৰ্ট আৰু মাইৰেঞ্জৰ মধ্যৱৰ্ত্তী হোচাইম চহৰৰ দ্ৰুতবেগী ৰেলপথৰ ওপৰত কালি ছেফাৰৰ ছিন্ন ভিন্ন মৃতদেহ উদ্ধাৰ হয়। প্ৰথমতে ছিন্নভিন্ন অংশবোৰৰ দ্বাৰা মৃতদেহটো কাৰ সেয়া চিনাক্ত কৰাই সম্ভাৱ আত্মঘাতী হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ৫৪ বছৰীয়া ছেফাৰে শেহতীয়াকৈ আৰ্থিক সহায় বিচাৰি এক বিবৃতিও প্ৰকাশ কৰিছিল ৷ তেওঁ জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলৰ চেন্টাৰ ৰাইট ক্ৰীচিয়ান ডেম’ক্ৰেটছ দলৰ সদস্য ৷দলৰ এজন প্ৰভাৱশালী সদস্য থকা ছেফাৰৰ নাম ভলকাৰ বুফীয়েৰৰ উত্তৰসূৰী হিচাপেও উচ্চাৰিত হৈছিল ।

 

 

 

Exit mobile version