দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহাসকলে নিজে পৰিচয় দিয়ক : সোণোৱাল

NiamuddinCorona

দিল্লীৰ নিজামউদ্দিনৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লোক তালৈ গৈছিল তথা তাৰে যিসকল লোক অসমলৈ ঘূৰি আহিছে, তেওঁলোক ক’ত কেনেকৈ আছে নিজেই পৰিচয় দিব লাগিব।’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দিল্লীৰ নিজামউদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিকী জামাতত অসমৰ বহুলোকে অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি ধুবুৰীত এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে লগতে অসমলৈ অহা লোকসকলক নিজৰ পৰিচয় সদৰী কৰিবলৈ আহ্বান জনোৱাৰ লগতে কয় যে এই কথা যাতে কোনেও গোপনে নাৰাখে। ৰাজ্যৰ ৩০ লক্ষ মানুহক ৰক্ষা কৰাৰ স্বাৰ্থত এইদৰে পৰিচয় সদৰী কৰা উচিত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কোনো লোক উভতি অহাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনক অৱগত কৰিবলৈ ৰাইজৰ প্ৰতিও আহ্বান জনায়।

উল্লেখ্য যে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ব্যৱস্থাৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে আজি ধুবুৰী, দৰং জিলাৰ মঙলদৈ আৰু কোকৰাঝাৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমনকালত মুখ্যমন্ত্ৰীয়ে পৃথকে তিনিওখন জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মূৰব্বীসকলৰ সতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জৰুৰী সেৱাসমূহ অব্যাহত ৰখাৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে জনসাধাৰণে লাভ কৰে, তাক নিশ্চিত কৰাৰ লগতে তলাবন্ধৰ সময়ছোৱাত যাতে জনসাধাৰণে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকে, সেই দিশৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে।

দিল্লীৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত যথাযোগ্য পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘দিল্লীৰ নিজামউদ্দিনৰ তবলিকী জামাতত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ কথা গম পাইছো, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে, কেইবাজনো লোক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি চিহ্নিত হৈছে। সেইবাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰতিগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে সেই সকলক অতি শীঘ্ৰে চিনাক্ত কৰি উলিয়াই পৰীক্ষা কৰিব লাগে আৰু হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব লাগে।’

Exit mobile version