য়ুহানত কৰ’না ভাইৰাছত ৪৭  হাজাৰৰ মৃত্যুৰ তথ্য

rk zhonganhospital 300120

চীনত ক’ভিদ-১৯ ত আক্ৰান্ত আৰু মৃতকৰে প্ৰকৃত সংখ্যাক লৈ বিশ্বজুৰি প্ৰশ্ন উত্থাপন হৈছে। চীনে এই সম্পৰ্কত প্ৰকৃত তথ্য গোপন কৰা বুলিও অভিযোগ উঠিছে। এই সময়তে চীনৰ য়ুহানৰ একাংশ বাসিন্দাৰ ভাষ্যই এনে সন্দেহৰ সৃষ্টি কৰিছে। কৰ’না ভাইৰাছৰ উৎপত্তিস্থল বুলি সন্দেহ কৰা য়ুহানৰ দুমহীয়া তলাবন্ধ প্ৰত্যাহাৰৰ পিছত একাংশ বাসিন্দাই সম্প্ৰতি প্ৰকাশ কৰিছে যে চহৰখনত ২৫০০ জনৰহে মৃত্যু হোৱা বুলি চৰকাৰীভাৱে দাঙি ধৰা পৰিসংখ্যাক লৈ ক্ৰমাৎ সন্দেহ বাঢ়িছে। এই সপ্তাহৰ আৰম্ভণিৰ পৰা য়ুহানৰ সাতটা বৃহৎ অন্ত্যেষ্টিক্ৰিয়া গৃহৰ কৰ্তৃপক্ষই প্ৰায় পাঁচশটা পৰিয়ালক প্ৰতিদিনে মৃতকৰ অৱশিষ্ট গতাই দিয়ে আৰু কয় যে চৰকাৰী পৰিসংখ্যাতকৈ বহু বেছি লোকৰ কৰ’নাত মৃত্যু হৈছে।

য়ুহানৰ এজন ঝং উপাধিকাৰী বাসিন্দাই কয়,’প্ৰকাশিত পৰিসংখ্যা শুদ্ধ হ’ব নোৱাৰে, কিয়নো দাহন যন্ত্ৰই অহৰহ কাম কৰি আছে। গতিকে কিদৰে ইমান কম মানুহৰ মৃত্যু হ’ব পাৰে? তদুপৰি তেওঁলোকে মৃতকৰ অৱশিষ্ট ছাইবোৰ বিতৰণ কৰিবলৈ ধৰিছে আৰু সমাধি অনুষ্ঠানো আৰম্ভ কৰিছে।’ স্থানীয় এক সংবাদ মাধ্যমৰ তথ্য অনুসৰি মাত্র এদিনতে এটা অন্ত্যেষ্টিক্ৰিয়া গৃহৰ পৰা পাঁচ হেজাৰ ভষ্ম বিতৰণ কৰা হৈছে। ছ’ছিয়েল মিডিয়াযোগেও প্ৰচাৰিত হৈছে যে য়ুহানৰ সাতটা অন্ত্যেষ্টিক্ৰিয়া গৃহৰ প্ৰতিটোৱে দৈনিক ৩৫০০টাকৈ ভস্ম বিতৰণ কৰিছে। অহা পাঁচ এপ্ৰিলত অনুষ্ঠিত হব লগীয়া চীনৰ পৰম্পৰাগত কুইং মিঙ উৎসৱ অৰ্থাৎ সমাধিস্থলীৰ অনুষ্ঠানৰ পূৰ্বে তেওঁলোকে মৃতদেহৰ সৎকাৰ কৰিবলৈ চেষ্টা কৰিব বুলিও পৰিয়ালবৰ্গক অৱগত কৰিছে অন্ত্যেষ্টিক্ৰিয়া গৃহৰ কৰ্তৃপক্ষই।

আন এক হিচাপ অনুসৰি অন্ত্যেষ্টিক্ৰিয়া গৃহসমূহৰ সামর্থ্যলৈ চাই কমেও ৪৬,৮০০ জন লোকৰ মৃত্যু হৈছে। চীনৰ হুৱেই প্ৰদেশৰ ৰাজধানী হৈছে য়ুহান। এই হুৱেইৰ সিংহভাগ বাসিন্দাই এতিয়া বিশ্বাস কৰে যে তলাবন্ধৰ আগতে আৰু তাৰ পিছত ৪০হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।  বাসিন্দা সকলে কয় যে কৰ্তৃপক্ষই লাহে লাহে প্ৰকৃত পৰিসংখ্যা প্ৰকাশ কৰিবলৈ ধৰিছে। উল্লেখ্য যে চীনৰ য়ুহানৰ প্ৰশাসনে কৰা তথ্য অনুসৰি ক’ভিদ-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৫৩৫ জন। অন্যহাতে, কালি ব্ৰিটেইনৰ প্ৰশাসনেও চীনক তথ্য লুকুৱাই ৰখা বুলি ক্ষোভ প্ৰকাশ কৰে। চীনে ১৫-৪০ গুণ মৃতকৰ তথ্য লুকুৱাই ৰখা বুলি ব্ৰিটেইন অভিযোগ কৰিছে।

Exit mobile version