কৰ’নাৰ আতংকত অধিক সচেতন হৈছে গঞা ৰাইজ

NAGAON BONDHO
ৰাজ্যত ক্ৰমাৎ কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা আ ৰু দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় সমাবেশত অসমৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত আৰু অধিক সজাগ ও সচেতন হৈ পৰিছে গাওঁৰ জনসাধাৰণ। বিশেষকৈ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত জিলাখনৰ অৰ্দ্ধ শতাধিক লোকে অংশ লোৱাৰ তথ্য পোহৰলৈ অহাত সমগ্র নগাওঁ জিলাতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।
যাৰ ফলত এতিয়া জিলাখনৰ অধিকাংশ গাঁৱৰ ৰাইজে নিজাববীয়াকৈ ‘ভিলেজ লকডাউন’ কৰিবলৈ বাধ্য হৈছে। কোনো অচিনাকী ব্যক্তি যাতে গাঁও অঞ্চলসমূহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গাঁৱৰ প্ৰৱেশ পথসমূহত বাঁহ বান্ধি থোৱা পৰিলক্ষিত হৈছে। লক ডাউনৰ মাজতে গ্ৰাম্যাঞ্চলত ৰাইজে ঘৰৰ চৌহদৰ শাক-পাচলিকে ধৰি বিভিন্ন থলুৱা খাদ্যৰ জুতি লোৱাও দেখা গৈছে।
অন্যহাতে, দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া শ্ৰমিক অথবা দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া ৰন্ধন গেছৰ বিতৰণ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউলে আজিৰে পৰা কিছু সকাহ দিয়াৰ লগতে তেওঁলোকৰ মুখত কিছু হাঁহি বিৰিঙাই তুলিছে । নিজামুদ্দিনৰ ঘটনাৰ পাছত নগাঁও চহৰকে প্ৰমুখ্য কৰি বিভিন্ন অঞ্চলত পাচলি বেপাৰীৰ পৰা পাচলি পৰ্যন্ত ক্ৰয় নকৰা ঘটনা পৰিলক্ষিত হৈছে। ইপিনে, নগাঁৱৰ কিছু সংখ্যালঘু অধ্যুষিত অঞ্চলত এচাম ধৰ্মান্ধ আৰু অন্ধবিশ্বাসী লোকে কৰ’না ভাইৰাছ সন্দৰ্ভত কেতবোৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ চলাই গাঁৱৰ ৰাইজক বিভ্ৰান্ত কৰি পৰিস্থিতি ভয়াবহ কৰি তুলিছে।
Exit mobile version